NORTHEAST NOW (Assamese)
অসম

ইউ গুণৱন্ত মহাথেৰাৰ পৱিত্ৰ স্মৃতিত মাৰ্ঘেৰিটাত অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বৌদ্ধ মহাসন্মিলনৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ August 29, 2020 5:24 pm
index.jpgaa

আজি মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰ প্ৰাংগনত মাৰ্ঘেৰিটা বৌদ্ধ কমিটিৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

উক্ত সভাৰ সৰ্বসন্মতি ক্ৰমে মাৰ্ঘেৰিটাত স্বগীয় ইউ গুণৱন্ত মহাথেৰাৰ পৱিত্ৰ স্মৃতিত বৌদ্ধ মহাসন্মিলনৰ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজি অনুষ্ঠিত সভাই অহা ১১, ১২ আৰু ১৩ ফেব্ৰুৱাৰীৰ ২০২১ তাৰিখে মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰ কমিটিৰ উদ্যোগত বৌদ্ধ মহাসন্মিলনৰ আয়োজন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

উক্ত সভাত বৌদ্ধ মহাসন্মিলনৰ মুখ্য আহ্বায়ক ৰূপে জ্ঞানৱাদা ভিক্ষু আৰু সম্পাদক ৰূপে ৰাজু দেউৰীক নিৰ্বাচিত কৰা হয়।

বৌদ্ধ মহাসন্মিলনৰ আয়োজক কমিতিয়ে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু সুদিহা পৰামৰ্শৰে অনুষ্ঠিত হ’ব লগা বৌদ্ধ মহাসন্মিলনখন সফল কৰিবলৈ অনুৰোধ জনাই আজি সংবাদ মাধ্যমলৈ এক প্ৰেছ বাৰ্তা প্ৰেৰণ কৰিছে।