NORTHEAST NOW (Assamese)
অসম

নিগনিৰ দৰে সুৰংগ খান্দি ভাৰতত প্ৰৱেশৰ চেষ্টা পাক সন্ত্ৰাসবাদীৰ, ধৰা পেলালে বিএছএফে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 29, 2020 6:01 pm
hole

পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে নিত্য নতুন কৌশল প্ৰয়োগ কৰি ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে।

পাক-ভাৰত সীমান্তত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে নিৰাপত্তা কঠোৰ কৰি তোলাৰ সময়তে মাটিৰ তলেৰে সুৰংগ খান্দি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে।

কাশ্মীৰৰ ছাম্বা ছেক্টৰত বিএছএফে পুনৰ এনে এটা সুৰংগ আবিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

ছাম্বা ছেক্টৰৰ বাচান্তাৰ নামৰ অঞ্চলটোত বিএছএফে উদ্ধাৰ কৰা সুৰংগটোৰ এখন মুখ আছে পাকিস্তানৰ মাটিত আৰু আন খন মুখ আছে ভাৰতৰ মাটিত।

ভাৰতৰ যি স্থানত সুৰংগৰ মুখখন আছে তাৰ ঠিক কাষতে আছে ভাৰতীয় নিৰাপত্তা বাহিনীৰ এটা পহৰাচকী।

লক্ষ্যণীয় ভাবে ভাৰতৰ মাটিত থকা সুৰংগৰ মুখখন কোনেও ধৰিব নোৱাৰাকৈ ঢাকিৰখা হৈছে বালিৰ বস্তাৰে।

বস্তাবোৰ আকৌ পাকিস্তানৰ কৰাচী আৰু শখেৰগড়ৰ কোম্পানীৰ ছীল-মোহৰ থকা।

২০ ফুট দৈৰ্ঘ্য আৰু ৪ ফুট প্ৰস্থৰ সুৰংগটো খন্দা বেছিদিন হোৱা নাই বুলি বিএছএফৰ সূত্ৰই প্ৰকাশ কৰিছে।

সুৰংগৰ পাকিস্তানৰ পিনে থকা মুখৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত আছে পাক পহৰাচকী। পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ইয়াৰ পূৰ্বেও সুৰংগ খান্দি ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল।

সেয়ে ২০১৯ চনৰ ছেপ্তেম্বৰ মাহত বিএছএফে এনে সুৰংগ আৱিষ্কাৰৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছিল।