NORTHEAST NOW (Assamese)
অসম

আকৌ হ’ব পৃথক বড়োলেণ্ড দাবীৰে আন্দোলন; BTR চুক্তিৰ মধ্যস্থতাকাৰীৰ বিস্ফোৰণ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 30, 2020 2:16 pm
WhatsApp Image 2020-08-30 at 1.44.26 PM

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে BTR চুক্তিৰ নামত প্ৰবঞ্চনা কৰিলে। সেয়েহে পৃথক বড়োলেণ্ড দাবীৰে আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিয়ে BTC চুক্তিৰ দুই মধ্যস্থতাকাৰীয়ে।

BTR চুক্তিৰ দুই মধ্যস্থতাকাৰী ক্ৰমে পৃথ্বিৰাজ নাৰায়নদেৱ মেচ আৰু থুলুংগা বসুমতাৰীৰ বিষ্ফোৰক অভিযোগৰে আজি বেলতলাত এক সংবাদমেল সম্বোধন কৰে।

“২৭ জানুৱাৰিত BTR চুক্তি স্বাক্ষৰিত হৈছিল। কিন্তু এতিয়া এই চুক্তিৰ ফোপোলা স্বৰূপহে উলাইছে।” সংবাদমেলত এইদৰে মন্তব্য কৰে ৰাজকুমাৰ পৃথিৰাজে।

তেওঁ আৰু কয়, “৩ নং দফা অনুসৰি বড়ো গাওঁ বা জনজাতীয় গাওঁ অন্তৰ্ভুক্ত কৰাৰ কথা আছিল। ইয়াৰ বাবে গঠন কৰিবলগীয়া আয়োগেই ৭ মাহ ধৰি গঠন নহ’ল।

ইপিনে, যিসকল কেডাৰ মূল সুঁতিলৈ উভতি আহিছে তেওঁলোকৰ সংস্থাপনৰ কোনো ব্যৱস্থা লোৱা নাই, ভাট্টা আদি পোৱা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰে।

WhatsApp Image 2020-08-30 at 1.43.26 PM
দুই মধ্যস্থতাকাৰী ক্ৰমে পৃথ্বিৰাজ নাৰায়নদেৱ মেচ আৰু থুলুংগা বসুমতাৰী। ফটো: নৰ্থইষ্ট নাও

আনহাতে, দুই মধ্যস্থতাকাৰীয়ে সংবাদমেলত হুংকাৰ দি কয়, “যদি এনেদৰে চৰকাৰে আমাক অৱহেলা কৰে তেন্তে পুনৰ ডিভাইড আসাম ৫০-৫০ ক’বলৈ বাধ্য হম। No Bodoland No Rest দাবীৰে পুনৰ আন্দোলন আৰম্ভ হ’ব।”

ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ আহ্বান জনাই তেওঁলোকে কয়, “NDFBৰ কেডাৰসকলৰ সকলো গোচৰ উঠাই লওক, ভাট্টা দিয়ক’।

ইয়াৰোপৰি, দুই মধ্যস্থতাকাৰীয়ে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালৰ দ্বাৰস্থ হৈছে বুলি জনাবলৈ দিয়ে।

নৰ্থইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ন্যায়ালয়ত PIL দাখিল কৰিছে বুলি তেওঁলোকে জনায়।