NORTHEAST NOW (Assamese)
অসম

সংঘাত বৃদ্ধি! এইবাৰ ভাৰতেও দক্ষিণ চীন সাগৰত মোতায়েন কৰিলে যুদ্ধজাহাজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 31, 2020 8:04 am
INS_Kursura_(S20)_underway

ভাৰত-চীন সংঘাতৰ নতুন ইংগিত বহন কৰি দেওবাৰে ভাৰতেও দক্ষিণ চীন সাগৰত মোতায়েন কৰিলে যুদ্ধজাহাজ।

চীনৰ আপত্তিক কেৰেপ নকৰি ভাৰতে নিজৰ স্থিতি প্ৰদৰ্শন কৰিলে।

স্বাভাৱিকতে কেইদিনমান পূৰ্বে  চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে কৈছিল যে সকলো পথ বন্ধ হৈ পৰিলে সেনাৰ সঞ্চালনেই শেষ উপায়।

বাতৰি অনুসৰি, ভাৰতীয় নৌসেনাৰ ফালৰ পৰা এখন অত্যাধুনিক যুদ্ধজাহাজ দক্ষিণ চীন সাগৰত মোতায়েন কৰা হৈছে।

এইক্ষেত্ৰত চীনৰ ফালৰ পৰা তীব্ৰ আপত্তি জনোৱা হৈছিল যদিও ভাৰতে তাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই।

আনহাতে, সেই স্থানত মোতায়েন হৈ থকা আমেৰিকাৰ যুদ্ধজাহাজসমূহৰ সৈতে ভাৰতীয় নৌসেনাৰ বিষয়াসকলে যোগাযোগ অব্যাহত ৰাখিছে।

ভাৰতৰ এই শেহতীয়া স্থিতিত গভীৰ চিন্তাত পৰিছে বেইজিং।

ইপিনে, চীনে দক্ষিণ চীন সাগৰৰ প্ৰায় ৯০ শতাংশ নিজৰ বুলি দাবী কৰি আহিছে। আনকি, ২০০৯চনৰ পৰা ইয়াত তেওঁলোকে কৃত্ৰিম দ্বীপো নিৰ্মাণ কৰিছে।

চীনৰ এনে কাৰ্যকলাপৰ বাবে দেশখনে ফিলিপাইনছ, জাপান, ভিয়েটনামকে ধৰি কেইবাখনো দেশৰ সৈতে সংঘাতত লিপ্ত হৈ পৰিছে।

দক্ষিণ চীন সাগৰৰ আমেৰিকাৰ বৃহৎ বাণিজ্যিক পথটোত বাধা দিব লাগিলে আমেৰিকাৰ নৌবহৰসমূহক নিয়ন্ত্ৰণ কৰিব লাগিব চীনে।

কিন্তু আমেৰিকাৰ দৰে ভাৰতেও এতিয়া তাত যুদ্ধজাহাজ মোতায়েন কৰাৰ পাছত স্বাভাৱিকতে অস্বস্তিত পৰিছে চীন।