NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ দাবীত ৰাজ্যজুৰি চাৰি দিনীয়া প্ৰতিবাদী কাৰ্যসূচী

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম August 31, 2020 2:37 pm
index

সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে আজি বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিশ্বনাথ চাৰিআলি পৌৰসভা আৰু গহপুৰ পৌৰসভাৰ কৰ্মচাৰীৰ এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

পৌৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, পৌৰ নিকায়সমুহত কৰ্মৰত ফিক্স পে আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে।

ইয়াৰ উপৰিও পৌৰ কৰ্মচাৰীৰ ২০১৪ বিধেয়ক চৰকাৰে মানি লোৱা, পৌৰনিকায় কৰ্মচাৰী সকলৰ ৩ মাহৰ পৰা ২৭ মাহ পৰ্যন্ত বকেয়া দৰমহা মোকলাই দিয়াৰো দাবী উত্থাপন কৰে কৰ্মচাৰীসকলে।

পৌৰসভাৰ সুনিদ্দিষ্ট কৰ্মচাৰী গাঁঠনিৰ চৰকাৰী অধিসুচনা জাৰি কৰা, নতুন নিযুক্তি বন্ধ কৰা, ষষ্ঠ অনুসুচনীৰ অন্তৰ্গত পৌৰ কৰ্মচাৰীক ৰাজ্যিক বিত্তীয় আয়োগৰ আওতালৈ আনি দৰমহা আৰু সা সুবিধা প্ৰদান কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী পৌৰ নিগমৰ কৰ্মচাৰীসকলে।

ইয়াৰ লগতে অৱসৰ প্ৰাপ্ত কৰ্মচাৰীৰ অনাদায় ধন মোকলাই দিয়া ইত্যাদি বিভিন্ন সমস্যাৰো সমাধানৰ দাবী কৰে এই প্ৰতিবাদীসকলে।

প্ৰথম দিনৰ কাৰ্যসূচী অনুযায়ী মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু নগৰ উন্নয়ন মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে কৰ্মচাৰীসকলে।

উল্লেখ্য যে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আগন্তুক১, ২ আৰু ৩ ছেপ্তেম্বৰ পৰ্যন্ত বাহাল থাকিব থাকিব বুলি ইতিমধ্যে অৱস্থান ধৰ্মঘটকাৰীসকলে জানিব দিছে।