NORTHEAST NOW (Assamese)
অসম

মহেন্দ্ৰ সিং ধোনীক গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 1, 2020 9:53 am

চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে এইবাৰৰ আই পি এলত তিনি নম্বৰ স্থানত বেটিং কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটছমেন গৌতম গম্ভীৰে।

আই পি এল ইতিহাসৰ সবাটোকৈ সফল বেটছমেন সুৰেশ ৰাইনাই আই পি এল নেখেলাৰ সিদ্ধান্তৰ পিছতে গম্ভীৰে ৰাইনাৰ স্থানত ধোনীক বেটিং কৰাৰ পৰামৰ্শ প্ৰদান কৰে।

গম্ভীৰে কয় যে ধোনীয়ে যোৱা এবছৰ ধৰি ক্ৰিকেটৰ পৰা দূৰত আছে সেয়ে তেওঁ তিনি নম্বৰত বেটিং কৰি যিমান পাৰি সিমান বল খেলাৰ প্ৰয়াস কৰিব লাগে।

ষ্টাৰ স্প’ৰ্টছৰ অনুষ্ঠান ‍‘ক্ৰিকেট কানেক্টেড’ত গম্ভীৰে কয়, ‍‘মহেন্দ্ৰ সিং ধোনীৰ বাবে তিনি নম্বৰত বেটিং কৰাৰ এয়া সুন্দৰ সুযোগ’।

দুবাৰৰ আই পি এল চেম্পিয়ন হোৱা দলৰ অধিনায়ক গম্ভীৰে কয়, ‍‘ধোনীয়ে তিনি নম্বৰত বেটিং কৰিব লাগে কিয়নো তেওঁৰ পিছত কেডাৰ যাধৱ, ডোৱাইন ব্ৰেভো, ছেম কুৰেনৰ দৰে ফিনিছাৰ আছে’।

প্ৰাক্তন বাঁওহতীয়া বেটছমেন গৰাকীয়ে লগতে কয় যে মহেন্দ্ৰ সিং দোনীৰ সন্মুখত এয়া সন্দৰ সুযোগ আৰু এই সুযোগৰ সদব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয়।