NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ প্ৰাক্তন বিত্তীয় সচিৱ ৰাজীৱ কুমাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 1, 2020 5:51 pm

প্ৰাক্তন বিত্তীয় সচিৱ ৰাজীৱ কুমাৰক মঙলবাৰে ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হয়।

ৰাজীৱ কুমাৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা আৰু নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰৰ সৈতে নিৰ্বাচন আয়োগৰ দায়িত্বভাৰ গ্ৰহণ কৰে বুলি নিৰ্বাচন আয়োগে এক বিবৃতিত প্ৰকাশ কৰে।

১৯৬০ চনৰ ১৯ ফেব্ৰুৱাৰিত জন্মগ্ৰহণ কৰা ৰাজীৱ কুমাৰে ১৯৮৪ চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।

ৰাজীৱ কুমাৰ তেওঁৰ সুদীৰ্ঘ চাকৰি কালত ভালেসংখ্যক কেন্দ্ৰীয় মন্ত্ৰী তথা নিজৰ ৰাজ্যিক কেডাৰ বিহাৰ আৰু ঝাৰখণ্ডৰ মন্ত্ৰীৰ সৈতে কাম কৰিছিল।

বি এছ চি, এল এল বি, পি জি ডি এম আৰু পাব্লিক পলিচিত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৰাজীৱ কুমাৰৰ বিভিন্ন ধৰণৰ সামাজিক খণ্ড আৰু পৰিবেশৰ হকে কাম কৰাৰ দীৰ্ঘ অভিজ্ঞতা আছে।

২০২০ চনৰ ফেব্ৰুৱাৰিত ৰাজীৱ কুমাৰে বিত্ত বিভাগৰ সচিৱ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।