NORTHEAST NOW (Assamese)
অসম

বিমানৰ ভিতৰত প্ৰচণ্ড গৰম, কি ভয়ংকৰ কাম কৰিলে মহিলা যাত্ৰীয়ে চাওঁক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 3, 2020 3:21 pm
air

বিমানৰ ভিতৰত কত’ কি যে ঘটনা নঘটে।

যিবোৰ ঘটনাই কেতিয়াবা বিমান যাত্ৰী সকলক বিপদৰ মাজলৈও ঠেলি দিব পাৰে।

আজি পুৱা ইউক্ৰেইনৰ এখন বিমানত এগৰাকী মহিলা যাত্ৰীয়ে যি কৰিলে সেয়া দেখি বহুতৰে বুকু কঁপি উঠিল।

তুৰস্কৰ পৰা যাত্ৰা কৰা ইউক্ৰেইন ইণ্টাৰনেছনেল এয়াৰ লাইন্সৰ ব’য়িং ৩৭৩ বিমানত যাত্ৰা কৰা এগৰাকী দুই সন্তানৰ মাতৃয়ে  সংঘটিত কৰিলে এক ভয়ংকৰ ঘটনা।

বিমান খনে খন্তেক সময়ৰ বাবে বৰিছপিল বিমান বন্দৰত নমাৰ পিছতে হঠাতে বিমানৰ জৰুৰীকালীন খিৰিকি খন খুলি মহলা গৰাকীয়ে  বিমান খনৰ পাংখালৈ বুলি ওলাই আহে।

View this post on Instagram

A post shared by БОРИСПІЛЬ | Бориспільський район (@boryspilchany)

বিমানৰ পাংখাত মহিলা গৰাকীয়ে খোজকাঢ়ি থকা দেখিবলৈ পাই বিমান বন্দৰটোত হুৱা-দুৱা লাগে।লগে লগে বিমান বন্দৰৰ কৰ্মীয়ে মহিলা গৰাকীক বুজাই-বঢ়াই পুনৰ বিমানৰ ভিতৰলৈ আনে।

মহিলা গৰাকীয়ে তেওঁ কৰা কাৰ্যৰ সমৰ্থনত কয় যে বিমানৰ ভিতৰত অসহ্য গৰম হোৱাৰ বাবেই তেওঁ জৰুৰীকালীন খিৰিকি খুলি বিমানৰ পাংখালৈ ওলাই গৈছিল।

মহিলা গৰাকীয়ে কৰা এনে ভুলৰ বাবেই বিমান বন্দৰ কৰ্তৃপক্ষই তেওঁক ব্লেক লিষ্টেড কৰে বুলি জানিব পৰা গৈছে।

মহিলা গৰাকীক কোনেও দেখা নোপোৱাকৈয়ে বিমান খনে যদি পুনৰ উৰা মাৰিলেহেঁতেন তেন্তে সাংঘাটিক বিপদ ঘটিলেহেঁতেন।