NORTHEAST NOW (Assamese)
অসম

যৌন সম্পৰ্কৰ সময়ত চুম্বন বন্ধ, মাস্ক পৰিধান কৰক : কানাডাৰ জেষ্ঠ চিকিৎসকৰ পৰামৰ্শ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 3, 2020 10:00 pm

কোভিড-১৯ৰ সংক্ৰমণৰ সময়ত সুৰক্ষিত যৌন সম্পৰ্ক স্থাপন সন্দৰ্ভত বিশেষ মন্তব্য আগবঢ়াইছে কানাডাৰ জনসম্পৰ্কৰক্ষী স্বাস্থ্য বিষয়া ডা০ থেৰেছা তামে।

”যৌন সম্পৰ্ক স্থাপনৰ সময়ত চুম্বন বৰ্জন কৰক, নিজৰ আৰু সহযোগীৰ মুখ আৰু নাক ঢকাকৈ মাস্ক পৰিধান কৰক,” স্বাস্থ্য বিষয়া গৰাকীয়ে এইদৰে উপদেশ দিয়ে।

আনহাতে, যৌন সম্পৰ্ক স্থাপনৰ পূৰ্বে দুয়োগৰাকীয়ে ক’ৰ’নাৰ লক্ষণ প্ৰকাশ পাইছে নেকি সেয়া নিশ্চিত কৰিবলৈ নিজৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবেও থেৰেছা তামে আহ্বান জনায়।

তদুপৰি, কোভিড-১৯ৰ সংক্ৰমণৰ সময়ত অচিনাকী ব্যক্তিৰ সৈতে যৌন সম্ভোগত লিপ্ত হৈ কোভিড সংক্ৰমিত হোৱাৰ সম্ভাৱনা বৃদ্ধি নকৰিবলৈয়ো দেশখনৰ নাগৰিকক আহ্বান জনাই স্বাস্থ্য বিষয়া গৰাকীয়ে।

উল্লেখযোগ্য যে, কানাডাত প্ৰথম পৰ্যায়ত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছিল যদিও পৰ্যায়ক্ৰমে ইয়াৰ সংক্ৰমণ হ্ৰাস পাই আহিছে।

কানাডাৰ ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতিৰ পত্নীয়ো ক’ৰ’না আক্ৰান্ত হৈছিল আৰু চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছিল।