NORTHEAST NOW (Assamese)
অসম

অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়ক ২০২০ বিধান সভাত পাছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 3, 2020 9:48 pm
Assam Skill University Bill 2020 passed in the Assembly

অসম বিধান সভাই বৃহস্পতিবাৰে অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়ক ২০২০ পাছ কৰিছে।

দৰং জিলাৰ মঙলদৈত এই দক্ষতা বিশ্ববিদ্যালয়খন স্থাপন কৰা হ’ব।

“আজি অসম বিধান সভাই অসম দক্ষতা বিশ্ববিদ্যালয় বিধেয়ক ২০২০ পাছ কৰিছে,” ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ টুইট।

এছিয়ান ডিভেলপমেণ্ট বেংকৰ প্ৰায় ১০০০ কোটি টকাৰ আৰ্থিক সাহায্যৰে এই বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব।

বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে অসম চৰকাৰে ছিংগাপ’ৰৰ আই টি ই এডুকেচন চাৰ্ভিচৰ সৈতে লগ লাগিছে।

বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে প্ৰায় ১০০ বিঘা (১৬ হেক্তৰ) মাটি আবণ্টন কৰা হ’ব।