NORTHEAST NOW (Assamese)
অসম

কোভিড প’জিটিভ অগপৰ জেষ্ঠ নেতা বৃন্দাবন গোস্বামী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 3, 2020 10:21 pm

অসমত ক’ৰ’না ভাইৰাছৰ দ্বাৰা এজনৰ পাছত আনজন জনপ্ৰতিনিধি সংক্ৰমিত হ’বলৈ ধৰিছে।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পাছত তেজপুৰৰ অগপৰ জেষ্ঠ বিধায়ক বৃন্দাবন গোস্বামীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

বিধায়ক বৃন্দাবন গোস্বামীৰ লগতে তেওঁৰ পত্নীৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

বৰ্তমান বৃন্দাবন গোস্বামী আৰু তেওঁৰ পত্নীক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

বিগত কিছুদিনৰ পৰা বিধায়ক গৰাকী শাৰীৰীক অসুস্থতাত ভূগি আছিল।

বৃন্দাবন গোস্বামীৰ উপৰিও পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাও ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লোকসভাৰ সাংসদ তপন গগৈ, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।