NORTHEAST NOW (Assamese)
অসম

অসমত আৰু সাত ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩৩০লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 3, 2020 10:48 pm
Covid death toll in Assam reaches 930

আৰু সাতগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৩০লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— ডিব্ৰুগড়ৰ লখন গোৱালা (৫৫) আৰু নিৰ্মলা গগৈ (৪৩), শিৱসাগৰৰ ৰমেন বৰঠাকুৰ (৫৪), কামৰূপ মহানগৰৰ বিমলা নন্দ দাস (৮০) আৰু যুগল কিশোৰ দাস (৩৪), বৰপেটাৰ প্ৰিয়নাথ দাস (৫৮) আৰু নলবাৰীৰ কবিতা বৰ্মন (৩৩)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

৩২৩গৰাকী ব্যক্তিয়ে বুধবাৰলৈকে অসমত ক’ভিডত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ৮৮,৭২৬গৰাকী ব্যক্তিয়ে অসমত বুধবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত বুধবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৬,২২৭ (।)

মুঠ ১,১৫,২৭৯গৰাকী ব্যক্তি অসমত বুধবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছিল।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।