NORTHEAST NOW (Assamese)
অসম

সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ গুৱাহাটীত বন্ধ থাকিব সকলো পেট্ৰ’ল পাম্প

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 4, 2020 5:52 pm
this-

সোমবাৰে পুৱা ৫ বজাৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব গুৱাহাটীৰ সকলো পেট্ৰ’ল পাম্প।

নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এশ্ব্যচিয়েশ্যনৰ গ্ৰেটাৰ গুৱাহাটী শাখাই ঘোষণা কৰিছে এই কথা।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এশ্ব্যচিয়েশ্যনৰ সভাপতি ৰাজীৱ গোস্বামীয়ে জনাইছে এই কথা।

তেওঁ কয় ‘আমাৰ এগৰাকী সদস্য তথা বেলতলা RRND চাৰ্ভিছ ষ্টেশ্যনৰ স্বত্বাধিকাৰী ইলোৰা দেৱীৰ ওপৰত BPCL য়ে মানসিক হাৰাশাস্তি চলাইছে।

এখন চুক্তি স্বাক্ষৰ কৰাৰ নামত তেওঁলোকে হাৰাশাস্তি কৰি আহিছে, যিখন চুক্তি ২০১০ চনত স্বাক্ষৰ কৰিব লাগিছিল।

২০১৪ চনত চুক্তিখন স্বাক্ষৰ কৰি ডিলাৰটোৱে BPCL লৈ পঠিয়াই দিছিল।

তেওঁলোকে সেইখনৰ প্ৰাপ্তি স্বীকাৰ কৰিছিল যদিও ২০২০ চনত সেইখন মানি ল’ব নোৱাৰো বুলি ক’লে।

BPCL য়ে কৈছে যে এখন দলিল কিনি বেক ডেটত স্বাক্ষৰ কৰি দিয়ক। ২০২০ চনৰ দলিলত ২০১০ চনৰ কথা কেনেকৈ লিখিম এয়া সম্ভৱ নহয় বুলি তেওঁ জনালে।‘

‘তেতিয়া তেওঁলোকে চুক্তিখন পুনৰ স্বাক্ষৰ নকৰিলে ডিলাৰক তেলৰ যোগান ধৰিব নোৱাৰিম বুলি ক’লে। যিহেতু বৰ্তমান চুক্তিখন স্বাক্ষৰ কৰা অৱস্থাত নাই কিয়নো আদালতো বন্ধ আছিল, কোভিদৰ যি পৰিস্থিতি হৈ আছে গতিকে তেওঁলোকে যাব নোৱাৰিম বুলি BPCL ক জনালে। তথাপি তেওঁলোকক বাধ্য কৰালে আদালতলৈ যাবলৈ আৰু চেষ্টাও কৰিলে চুক্তিখন স্বাক্ষৰ কৰিব পাৰি নেকি চেষ্টা চলালে। ইতিমধ্যে ১৫-২০ দিনৰ ভিতৰতে স্বত্বাধিকাৰী আৰু তেওঁৰ স্বামী কোভিড-১৯ পজিটিভত আক্ৰান্ত হ’ল। তেওঁলোক দুয়ো চিকিৎসাধীন হৈ আছে বৰ্তমানো। তেনেক্ষেত্ৰত কোনো সময়সীমা নিদিয়াকৈ BPCL য়ে ৩১ আগষ্টৰ পৰা তেল দিয়া বন্ধ কৰি দিলে।‘ গোস্বামীয়ে লগতে কয়।

তাৰেই প্ৰতিবাদ স্বৰুপে  সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অহা সোমবাৰৰ পৰা কামৰূপ মেট্ৰ’ আৰু গ্ৰাম্যত বন্ধ থাকিব।