NORTHEAST NOW (Assamese)
অসম

পি এছ জিৰ আৰু তিনিগৰাকী ফুটবলাৰ কোভিড প’জিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2020 7:03 pm

ফুটবল বিশ্বত ক’ৰ’না ভাইৰাছৰ সন্ত্ৰাস অব্যাহত আছে।

বিশ্ব বিখ্যাত ফুটবল ক্লাৱ ফ্ৰান্সৰ পেৰিছ চেইণ্ট জাৰ্মাইনৰ আৰু তিনিগৰাকী ফুটবলাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে বুলি নিশ্চিত হৈছে।

বৰ্তমানলৈ তাৰকা খচিত ফুটবল ক্লাৱটোৰ ছয় গৰাকী ফুটবলাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা বুলি ক্লাৱটোৰ পৰা প্ৰকাশ কৰা হৈছে।

নতুনকৈ ক’ৰ’না প’জিটিভ হোৱা পেৰিছ চেইণ্ট জাৰ্মানৰ ফুটবলাৰ তিনিগৰাকী হৈছে ক্ৰমে- মাৰ্কুনহোছ, গ’লৰক্ষক কেইল’ৰ নাভাছ আৰু ষ্ট্ৰাইকাৰ মাইৰো ইকাৰ্ড।

ইয়াৰ পূৰ্বে দলটোৰ অন্যতম তাৰকা ষ্ট্ৰাইকাৰ ব্ৰাজিলৰ নেইমাৰ, আৰ্জেনটিনাৰ এঞ্জেল ডি মাৰিয়া আরু  লেনড্ৰ’ পাৰেডেছৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

ক’ৰ’না প’জিটিভ হোৱা ক্লাৱটোৰ খেলুৱৈ সকলক বৰ্তমান সময়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পৰাজয় বৰণ কৰাৰ পিছতে সতীৰ্থ খেলুৱৈৰ সৈতে স্পেনিছ দ্বীপ ইবিজাত পাৰ্টি কৰিবলৈ গৈছিল জনপ্ৰিয় ফুটবলাৰ নেইমাৰে।

উক্ত পাৰ্টিৰ পৰাই বিশ্বৰ অন্যতম জনপ্ৰিয় ফুটবলাৰ গৰাকী ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি দাবী কৰিছে ফৰাচী সংবাদ মাধ্যমে।