NORTHEAST NOW (Assamese)
অসম

কৃষক নেতা অখিল গগৈৰ গৃহত উপস্থিত কংগ্ৰেছী নেতা ৰাণা গোস্বামী : স্বাস্থ্যৰ বুজ ল’লে অখিলৰ মাতৃৰ

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক September 5, 2020 7:26 pm
Screenshot_2020-09-05-17-46-47_1

আজি কৃষক নেতা অখিল গগৈৰ টীয়কৰ চেলেংহাটস্থিত গৃহত যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক ৰাণা গোস্বামী উপস্থিত হয়।

বিধায়ক গৰাকীয়ে অখিল গগৈৰ বৃদ্ধা মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসা তথা দৈনন্দিন জীৱন যাপনৰ সুবিধা হোৱাকৈ ব্যক্তিগতভাৱে ২০,০০০ টকাৰ এক আৰ্থিক সহায় আগবঢ়ায়।

দেশৰ স্বাৰ্থত মাত মাতি আজি প্ৰায় ন মাহ কাৰাৰুদ্ধ হৈ থকা এগৰাকী পুত্ৰৰ মাতৃ হিচাপে তেওঁক অতিকৈ ধৈৰ্যশীল আৰু আদৰ্শ মাতৃ বুলি অভিহিত কৰে প্ৰাক্তন বিধায়ক নাৰায়ণ গোস্বামীয়ে।

অখিল গগৈক মুক্তি কৰোৱাৰ ক্ষেত্ৰত আপোচবিহীন সংগ্ৰাম চলাই যাব বুলি মন্তব্য কৰি কংগ্ৰেছী নেতাগৰাকীয়ে আৰু কয় যে চৰকাৰখনক অনতি পলমে কৃষক নেতাগৰাকীক মুক্তি দিবলৈ দাবী জনাইছে আহিছে।

অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদত কৃষক নেতাগৰাকী অতি সোনকালে মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি বৃদ্ধা মাতৃক আশ্বাস দি বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন বিধায়ক গোস্বামীয়ে।

কংগ্ৰেছৰ নেতাগৰাকীয়ে সদায় দলীয় আৰু ব্যক্তিগতভাৱে অখিল গগৈৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত পূৰ্ণ সহযোগিতা কৰি যাব বুলি সদৰি কৰে।

কংগ্ৰেছে কেতিয়াও ভূৱা প্ৰতিশ্ৰুতি নিদিয়ে বুলি কৈ অখিল গগৈৰ আইনী যুঁজৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে ঘোষণা কৰা আৰ্থিক সহযোগিতা প্ৰদান কৰাৰ লগতে সদায় সহযোগিতা কৰি যাব বুলি জানিবলৈ দিয়ে ৰাণা গোস্বামীয়ে।