NORTHEAST NOW (Assamese)
অসম

গৌৰীসাগৰত ‘মালগুড়ি ডেইজ’ৰ অসমীয়া অনুবাদ ‘মালগুড়ি দিন’ ৰ উন্মোচন

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ September 6, 2020 6:32 am
20200906_000752

শনিবাৰে পবিত্ৰ শিক্ষক দিৱসৰ দিনাই গৌৰীসাগৰত উন্মোচন কৰা হল মালগুড়ি দিন নামৰ এখনি গ্ৰন্থ।

আৰ কে নাৰায়ণয়ে ১৯৪৩ চনত লিখা বিখ্যাত ইংৰাজী গ্ৰন্থ ‘মালগুড়ি ডেইজ’ৰ অসমীয়ালৈ অনুবাদ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ বড়াই।

গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিবলৈ ৰত্নেশ্বৰ বড়াক সাত মাহৰ সময় প্ৰয়োজন হৈছিল আৰু বিশ্ব বিখ্যাত লেখক আৰ কে নাৰায়ণৰ লেখনিৰ সোৱাদ অসমীয়া পঢ়ুৱৈয়ে লাভ কৰাৰ উদ্দেশ্যে এই কিতাপ খন অসমীয়ালৈ অনুবাদ কৰিছে বুলি জনায় ৰত্নেশ্বৰ বড়াই।

মালগুড়ি দিন নামৰ অসমীয়া অনুবাদ গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ শিৱসাগৰ জিলা সমিতিৰ উপ সভাপতি ড০ প্ৰশান্ত কুমাৰ চুতীয়াই।

গুৱাহাটীৰ কুঞ্জলতা প্ৰকাশনৰ স্বত্বাধিকাৰী নিত্যৰঞ্জন গোস্বামীয়ে এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায়।

আনহাতে, উক্ত অনুষ্ঠানতে সংগীত প্ৰাৰম্ভিকা নামৰ আন এখন গ্ৰন্থও উন্মোচন কৰা হয়।