NORTHEAST NOW (Assamese)
অৰুণাচল

চীনে ‘অপহৰণ’ কৰা পাঁচ ব্যক্তিৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে অৰুণাচল আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2020 7:45 am
Story-1-22-1140x570

চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মিয়ে (পিএলএ)পাঁচ গৰাকী ব্যক্তিক অপহৰণ কৰাৰ অভিযোগৰ ঘটনাৰ এক তদন্ত আৰম্ভ কৰিছে অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে।

অবিযোগ অনুসৰি, এই অপহৰণৰ ঘটনা শুকুৰবাৰে উজনি সোৱণশিৰি জিলাৰ নেচো এলেকাত সংঘটিত হৈছিল।

পৰিয়ালৰ সদস্যই জানিবলৈ দিয়া মতে, ইণ্ডো-চীন সীমান্তৰ জিলাৰ এখন হাবিলৈ চিকাৰৰ বাবে যোৱা ব্যক্তি পাঁচগৰাকীক পিএলএই অপহৰণ কৰিছিল।

দলটোত থকা দুগৰাকীয়ে কোনোমতে পলাই আহিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে আহি আৰক্ষীক ঘটনাটো সম্পৰ্কে জনাইছিল।

উজনি সোৱণশিৰিৰ আৰক্ষী অধীক্ষক টাৰু গুছাৰে ঘটনাটোৰ সত্যতা নিৰূপনৰ বাবে উক্ত এলেকাটোলৈ আৰক্ষী বিষয়া প্ৰেৰণ কৰা বুলি জানিব দিয়ে।

অৱশ্যে, দেওবাৰে পুৱাৰ ভাগতহে ইয়াৰ সৱিশেষ পোৱা যাব বুলি গুছাৰে জানিবলৈ দিয়ে।

অভিযোগ অনুসৰি অপহৃত ব্যক্তিকেইজনক টচ ছিংকাম, প্ৰছাট ৰিংলিং, ডংটু এবিয়া আৰু নাগাৰু ডিৰি বুলি চিনাক্ত কৰা হৈছে।

এওলোক আটাইকেইজনেই টাগিন সম্প্ৰদায়ৰ লোক।