NORTHEAST NOW (Assamese)
অসম

বছৰি ৩৩০টকা দি লাভ কৰক ২লাখ টকাৰ বীমা; এই চৰকাৰী আঁচনিখনৰ বিষয়ে জানেনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2020 12:34 pm
paosa-1536333356

বছৰি ৩৩০টকাৰ কিস্তি দি ২লাখ টকাৰ বীমাৰ সুবিধা পোৱা এইখন এখন চৰকাৰী আঁচনি। এই জীৱন বীমা আঁচনি এবছৰৰ বাবে যদিও প্ৰতিবছৰে ইয়াক নবীকৰণ কৰিব পৰা যায়।

ভাৰত চৰকাৰৰ এই বিশেষ আঁচনিখন হ’ল প্ৰধান মন্ত্ৰী জীৱন বীমা যোজনা।

আঁচনিখনৰ বাবে আপোনাৰ এটা ছেভিংছ একাউন্ট থকাটো জৰুৰী। ইয়াৰ লগতে আপোনাক অটো ডেবিটৰ সুবিধা দিয়া হ’ব।

এই বীমা আঁচনিৰ ম্যাদৰ পৰিধি হৈছে ১জুনৰ পৰা ৩১ মে’লৈকে।

যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে। মাথোঁ আবেদনকাৰীৰ বয়স ১৮বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত হ’ব লাগিব।

আনহাতে, কোনো পলিচি ধাৰক কিবা কাৰণত এই আঁচনিৰ পৰা বাহিৰ হৈ গ’লে তেওঁ পুনৰ বছৰীয়া কিস্তি আদায় দি এই আঁচনি ল’ব পাৰে।

এই আঁচনিত ৫৫বছৰলৈকে লাইফ কভাৰ থাকে। কোনো কাৰণত পলিচি ধাৰকৰ মৃত্যু হ’লেও প্ৰধান মন্ত্ৰী জীৱন বীমা যোজনাত বীমা কভাৰ পোৱা যাব।

মন কৰিবলগীয়া কথাটো হ’ল আবেদনকাৰীয়ে এটা বেংক একাউন্ট আৰু এটা বীমা সংস্থাতেই এই আঁচনিত অন্তৰ্ভুক্ত হ’ব পাৰিব।

ইপিনে, পলিচি ধাৰকৰ মৃত্যু হ’লে তেওঁৰ নমিনিয়ে দাবী জনাই প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু যি বেংকত মৃত ব্যক্তিগৰাকীৰ একাউন্ট থাকে তালৈ গৈ তেওঁৰ মৃত্যুৰ প্ৰমান পত্ৰ জমা দিব লাগিব।

সকলো পৰীক্ষণৰ পাছত নমিনিৰ একাউন্টত ২লাখ টকা জমা কৰা হ’ব।