NORTHEAST NOW (Assamese)
ছিকিম

বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে ছিকিমত ‘খেলৌ ইণ্ডিয়া’ৰ আয়োজন

Posted by: এন ই নাও নিউজ March 5, 2018 9:46 pm
Application invited for Khelo India training centre in Sivasagar

বিশেষভাৱে সক্ষম শিশুসকলৰ মাজত ক্ৰীড়াৰ প্ৰসাৰ আৰু খেলুৱৈসুলভ মনোবৃত্তিক উৎসাহ যোগোৱাৰ উদ্দেশ্যে ষ্পেছিয়েল অলিম্পিক ভাৰত (এছ অ’ বি) ৰ ছিকিম শাখাই ৰাজ্যখনত ‘খেলৌ ইণ্ডিয়া ২০১৭-১৮ ‘ শীৰ্ষক এক ক্ৰীড়া অনুষ্ঠানৰ আয়োজন কৰিব।

২৭-৩০ মাৰ্চলৈকে অনুষ্ঠিত হ’বলগীয়া মূল প্ৰতিযোগিতাখনৰ জিলা পৰ্যায়ৰ খেলসমূহ ৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব বুলি এছ অ’ বি ছিকিম শাখাৰ ক্ষেত্ৰ সঞ্চালক ড০ বি পি ঢাকালে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ৰাজ্যিক ক্ৰীড়া মন্ত্ৰালয়ৰ তদাৰকত ৰাজ্যখনৰ সকলো জিলাতে খেলসমূহ অনুষ্ঠিত হ’ব। ইয়াৰ পৰা বাচনি হোৱা ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।

প্ৰতিয়োগিতাখনতৰ বিভিন্ন খেলত ৰাজ্যখনৰ প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।