NORTHEAST NOW (Assamese)
অসম

অপেক্ষাৰ অন্ত; আজি প্ৰকাশ পালে আই পি এলৰ সম্পূৰ্ণ কাৰ্যসূচী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2020 6:46 pm

বি চি চি আইয়ে ২০২০চনৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (আই পি এল)ৰ সম্পূৰ্ণ কাৰ্যসূচী আজি বিয়লি প্ৰকাশ কৰে।

আই পি এল অনুৰাগীসকলে এমাহ পূৰ্বেই জানিছিল যে ১৯ ছেপ্তেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে প্ৰতিযোগিতাখন ভাৰতৰ বিপৰীতে য়ু এ ইত চলিব। কিন্তু সকলোৱে সম্পূৰ্ণ কাৰ্যসূচীৰ অপেক্ষাত আছিল।

আজি প্ৰকাশ কৰা কাৰ্যসূচী অনুসৰি প্ৰতিযোগিতাৰ প্ৰথমখন মেচ যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু ৰানাৰ্ছআপ চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব।

আই পি এলৰ ১৩ সংখ্যক সংস্কৰণটিৰ ২৪ খন মেচ ডুবাইত, ২০ খন মেচ আবু ধাবিত আৰু ১২ খন মেচ শ্বাৰজাহত অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰে।

আজি প্ৰকাশ কৰা কাৰ্যসূচীত কেৱল মাত্ৰ লীগ মেচ সমূহৰ কথাহে জানিবলৈ দিয়ে।

লীগৰ অন্তিমখন মেচ ৩ নৱেম্বৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে এইবাৰৰ আই পি এল যোৱা ২৯ মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও ক’ৰ’না মহামাৰীৰ বাবে প্ৰতিযোগিতাখন ভাৰতৰ বিপৰীতে য়ু এ ইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

৫৩ দিনলৈ চলিব লগীয়া প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে প্ৰতিটো দল য়ু এ ইত উপস্থিত হৈছে।