NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ আবৃত্তি বিদ্যালয় প্ৰয়াস কাব্য কাননলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 7, 2020 5:11 pm
IMG-20200907-WA0069

আবৃত্তি শিক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন উৎকৰ্ষ সেৱাৰ বাবে বোকাখাতৰ প্ৰয়াস কাব্য কাননলৈ কলকতাৰ সৰ্বভাৰতীয় সংগীত ও সংস্কৃতি পৰিষদ বিশেষ স্বীকৃতি প্ৰদান কৰিছে৷

বোকাখাত জাতীয় বিদ্যালয় আৰু কমাৰগাঁও মহাবিদ্যালয়ত যোৱা পাঁচ বছৰে সুখ্যাতি আৰু সফলতাৰে চলি থকা কবিতা আবৃতিৰ বিদ্যালয় প্ৰয়াস কাব্য কাননলৈ সৰ্বভাৰতীয় সংগীত ও সংস্কৃতি পৰিষদে আগবঢ়োৱা এই মান্যতাই বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

প্ৰয়াস কাব্য কাননৰ ব্যৱস্থাপক ইঞ্জু আহমেদে জনোৱা মতে ২০১৫ চনত স্থাপিত এই বিদ্যালয়ৰ অধীনৰ দুটা শাখা ক্ৰমে কমাৰগাঁও মহাবিদ্যালয় আৰু বোকাখাত জাতীয় বিদ্যালয়ত ড০ গায়ত্ৰী বৰা কাকতিয়ে অৱৈতনিকভাবে আবৃত্তিৰ প্ৰায়োগিক শিক্ষা দান কৰি আহিছে।

সমাজত কলা সংস্কৃতিৰ বিকাশ আৰু বিস্তাৰৰ বাবে বিশেষ কৰ্মদক্ষতা প্ৰদৰ্শন কৰাৰ বাবেই  প্ৰয়াস কাব্য কাননলৈ এই স্বীকৃতি প্ৰদান কৰা হৈছে বুলিও তেওঁ লগতে জনাইছে৷

উল্লেখ্য যে বোকাখাতৰ প্ৰয়াস কাব্য কানন আবৃত্তি শিক্ষাৰ ক্ষেত্ৰত অসমৰ এক প্ৰতিষ্ঠিত অনুষ্ঠান৷আবৃত্তি কলা কেৱল জনপ্ৰিয় এক মাধ্যমেই নহয় ই ছাত্ৰ ছাত্ৰীক নিজৰ ভাষাৰ লালিত্য অনুধাৱন কৰি ভাষাৰ সৈতে থকা জাতিৰ শিপা ডালৰ সৈতে সম্পৰ্ক গঢ়ি তোলাতো সহায় কৰে৷

সম্প্ৰতি বিশ্ববিদ্যালয়সমূহে আবৃত্তি কলাৰ ৰাষ্ট্ৰীয় প্ৰাসঙ্গিকতা স্বীকাৰ কৰি পাঠ্যক্ৰমৰ অংশ কৰা চিন্ত চৰ্চা কৰাৰ সময়ত প্ৰয়াস কাব্য কাননে লাভ কৰা এই স্বীকৃতি আবৃত্তিৰ প্ৰশিক্ষক ড০ গায়ত্ৰী বৰা কাকতিৰ প্ৰচেষ্টাৰেই ফল বুলি প্ৰয়াসৰ সভাপতি নিজৰা বৰঠাকুৰ আৰু মুখ্য সম্পাদক সোনেশ্বৰ নৰহে মন্তব্য কৰে।

উল্লেখ্য যে প্ৰয়াস কাব্য কাননৰ পৰা এতিয়ালৈকে মুঠ ১১ জন ছাত্ৰ ছাত্ৰীয়ে আবৃত্তি বিশাৰদ আৰু এজন ছাত্ৰই আবৃত্তিৰত্ন পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে৷

বোকাখাতৰ আবৃত্তি কলাৰ জনপ্ৰিয় প্ৰতিষ্ঠান প্ৰয়াস কাব্য কাননে এই ৰাষ্ট্ৰীয় স্বীকৃতি পোৱাতো বোকাখাতবাসীৰ বাবেই এক গৌৰৱ বুলি মন্তব্য কৰিছে কাব্য কাননৰ সঞ্চালক ড০ গায়ত্ৰী বৰা কাকতিয়ে৷