NORTHEAST NOW (Assamese)
Popular Stories

কংগনাৰ ৰাণাৱটৰ কাৰ্যালয়ত বিএমচিৰ ৰেইড : কাৰ্যালয় ভাঙি দিয়াৰ ভাবুকি শিৱসেনাৰ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 7, 2020 8:40 pm
index.jpg

কংগনা ৰানাৱট আৰু শিৱসেনাৰ মাজৰ বিবাদ কমক ছাৰি ক্ৰমশঃ বাঢ়িছেহে।

এইবাৰ বিএচি-এ কংগনাৰ কাৰ্যালয় মণিকৰ্ণিকা ফিল্মছত ৰেইড কৰিছে।

ইফালে শিৱসেনাই কংগনাৰ কাৰ্যালয়তো ভাঙি দিয়াৰো ভাবুকি দিছে বুলি টুইট কৰিছে অভিনেত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, শিৱসেনাই ভাবুকি দিয়াৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি পুৱাই অভিনেত্ৰী কংগনা ৰাণাৱটক ৱাই প্লাছ কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰিছে।

ৱাই প্লাছ কেটেগৰীৰ নিৰাপত্তা লাভৰ পিছতে অভিনেত্ৰী গৰাকীয়ে টুইট কৰি গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে।

কিন্তু তাৰ কেইঘণ্টা মানৰ পিছতে বিএমচি-এ অভিনেত্ৰী গৰাকীৰ মুম্বাইস্থিত কাৰ্যালয়ত ৰেইড মাৰে।

কংগনাই জনাইছে যে, যোৱা ১৫ বছৰ ধৰি গঢ়ি তুলা তেওঁৰ কাৰ্যালয়টো শিৱসেনাই ভাঙি দিয়াৰো ভাবুকি দিছে।

আনকি কাৰ্যালয়ৰ প্ৰতিৱেশীসকলকো ভয় ভাবুকি দিছে বুলি অভিযোগ কৰিছে অভিনেত্ৰী গৰাকীয়ে।