NORTHEAST NOW (Assamese)
অসম

পি এছ জিৰ পাছত মানচেষ্টাৰ চিটিৰ দুগৰাকী ফুটবলাৰ কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 7, 2020 9:05 pm

নতুনকৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ গ্ৰাসত পৰিছে সমগ্ৰ ফুটবল বিশ্ব।

ফৰাচী ক্লাৱ পেৰিছ চেইণ্ট জাৰ্মানৰ তাৰকা ফুটবলাৰ নেইমাৰ সহ ছয়গৰাকী খেলুৱৈৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত আজি আন এটা আগশাৰীৰ ফুটবল ক্লাৱ মানচেষ্টাৰ চিটিৰ দুগৰাকী খেলুৱৈ ক’ৰ’না প’জিটিভ হয়।

ইংলেণ্ডৰ তাৰকা খচিত ফুটবল ক্লাৱ মানচেষ্টাৰ চিটিৰ ফুটবলাৰ ৰিয়াদ মাহৰেজ আৰু আইমেৰিক লাপোৰ্টেৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

কোভিড প’জিটিভ হোৱা দুয়োগৰাকী খেলুৱৈকে বৰ্তমান চেল্ফ আইছোলেশ্যনত ৰখা হৈছে বুলি ক্লাৱটোৰ তৰফৰ পৰা প্ৰকাশ কৰিছে।

আনহাতে, কোভিড প’জিটিভ হোৱা ক্লাৱটোৰ খেলুৱৈ দুজনৰ শৰীৰত কোনোধৰণৰ লক্ষণ দেখা দিয়া নাছিল বুলিও ক্লাৱটোৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰিমিয়াৰ লীগত মানচেষ্টাৰ চিটিয়ে ২১ ছেপ্তেম্বৰত নিজৰ প্ৰথমখন খেল আৰম্ভ কৰিব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে পেৰিছ চেইণ্ট জাৰ্মান ফুটবল ক্লাৱৰ তাৰকা ফুটবলাৰ নেইমাৰ, ডিমাৰিয়াকে ধৰি মুঠ ছয়গৰাকী ফুটবলাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।