NORTHEAST NOW (Assamese)
অসম

ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন; দোকানৰ কৰ্মচাৰীৰ পৰা লুটি নিলে ৩লাখ টকা

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা September 8, 2020 2:32 pm
WhatsApp Image 2020-09-08 at 12.36.25 PM

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ কাৱৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত কাৱৈমাৰীত সোমবাৰে নিশা সংঘটিত হোৱা এক ডকাইতি কাণ্ডই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, নিশা কাৱৈমাৰী বজাৰৰ এখন দোকানৰ কৰ্মচাৰী মামাদুল হুছেইন (২০) নাম লোকজনে দোকান বন্ধ কৰি পুঠিমাৰীস্থিত নিজা ঘৰলৈ খোজ কাঢ়ি গৈ থকাৰ সময়তে চাৰিজনীয়া এক ডকাইতি দলে যুৱক জনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।

পৰিয়ালে কাৱৈমাৰী আৰক্ষী চকীত দিয়া এজাহাৰত উল্লেখ কৰা তথ্য মতে ডকাইতৰ দলে মামাদুলৰ হাতৰ পৰা তিনি লাখ টকা আৰু মোবাইল লৈ উধাও হয়।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত মামাদুলক উদ্ধাৰ কৰি কাৱৈমাৰী এফ আৰ ইউত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।

আনহাতে, মামাদুলে ইতিমধ্যে ডকাইতৰ দলক চিনাক্ত কৰিছে যদিও বৰ্তমান সময়লৈকে আৰক্ষীয়ে কোনো অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।