NORTHEAST NOW (Assamese)
Popular Stories

‘বিদ্বেষ বিয়পাই মুনাফা লুটে ফেইচবুকে,’ এই বিস্ফোৰক অভিযোগেৰে ফেইচবুকৰ পৰা পদত্যাগ ইঞ্জিনিয়াৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2020 4:56 pm
Facebook_logo_(square)

ফেইচবুকৰ বিৰুদ্ধে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে ফেইচবুকৰ আমেৰিকাস্থিত সংস্থাত কৰ্মৰত এগৰাকী ছ’ফ্টৱেৰ ইঞ্জিনিয়াৰে।

আশোক চান্দৱানী নামৰ ইঞ্জিনিয়াৰজন মাৰ্ক জুকাৰবাৰ্গৰ আমেৰিকাস্থিত ফেইচবুক প্ৰতিষ্ঠানত কৰ্মৰত আছিল।

ফেইচবুকৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি ইতমিধ্যে তেওঁ মাৰ্ক জুকাৰবাৰ্গৰ আমেৰিকাস্থিত ফেইচবুক প্ৰতিষ্ঠান ত্যাগ কৰিছে।

ফেইচবুকে বিদ্বেষমূলক পোষ্টৰ দ্বাৰা ব্যৱসায়িক মুনাফা লুটিছে বুলি তেওঁ গুৰুতৰ অভিযোগ তুলিছে।

আমেৰিকাৰ স্থানীয় সময় অনুযায়ী মংগলবাৰে পুৱা ১৩০০ টা শব্দৰ পদত্যাগ পত্ৰত অশোক চান্দৱানীয়ে আৰু বহুতো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ফেইবুকৰ বিৰুদ্ধে।

কেনেদৰে বিদ্ধেষমূলক পোষ্টক ফেইচবুকে প্ৰশ্ৰয় দি আহিছে তাৰ সৱিশেষ বৰ্ণনা দি অশোক চান্দৱানীয়ে পদত্যাগ পত্ৰত কয় যে ম্যানমাৰ আৰু কেনিয়াৰ ক্ষেত্ৰত ফেইচবুকে বিদ্বেষমূলক পোষ্টৰ প্ৰশ্ৰয় দিছিল।

তেওঁ লগতে কয় যে কেনিয়াৰ সন্ত্ৰাসবাদীয়ে আগ্নেয়াস্ত্ৰৰ দ্বাৰা প্ৰৰোচনামূলক প্ৰতিবাদী কাৰ্যসূচী প্ৰচাৰৰ বাবে কৰা পোষ্টবোৰ ফেইচবুকে ৰিমভ কৰা নাছিল।

তেওঁ লগতে আমেৰিকাৰ ড’লান্ড ট্ৰাম্পৰ প্ৰৰোচনামূলক বিদ্বেষপূৰ্ণ মন্তব্যকো ফেইচবুকে প্ৰশ্ৰয় দিয়া বুলি অভিযোগ কৰিছে।

“মই এনে সংস্থাৰ সৈতে আৰু কাম কৰিব নোৱাৰিম। যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰসহ গোটেই বিশ্বতে বিদ্বেষ বিয়পাই মুনাফা লুটে।” ফেইচবুকৰ পৰা পদত্যাগ কৰি এইদৰে কয় অশোক চান্দৱানীয়ে।

ইফালে অশোক চান্দৱানীৰ এই অভিযোগ নস্যাৎ কৰিছে ফেইচবুকে।

ফেইচবুকৰ মুখপাত্ৰ Liz Bourgeoisএ কয়, “আমি বিদ্বেষ বিয়পাই মুনাফা লুটা নাই। প্ৰতি বছৰে কোটি কোটি টকা বিনিয়োগ কৰা ব্যৱহাৰকাৰীৰ সুৰক্ষা নিশ্চিত কৰা হয়। নিৰ্দিষ্ট সময়ে সময়ে নিজৰ নীতি পৰ্যালোচনা কৰিও থকা হয়।”