NORTHEAST NOW (Assamese)
অসম

সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যাৰে দেশৰ সপ্তম অসম

Posted by: ৰূপা সৰকাৰ Updated by: ৰূপা সৰকাৰ September 9, 2020 9:36 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

২৯,২০৬গৰাকী সক্ৰিয় ক’ভিড ৰোগীৰে বুধবাৰে দেশৰ সপ্তম স্থানত আছে অসম।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্যত এই কথা প্ৰকাশ পাইছে।

২,৪৩,৮০৯গৰাকী সক্ৰিয় ক’ভিড ৰোগীৰে দেশৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ। তাৰ পিছতে আছে কৰ্নাটক (৯৬,৯৩৭) আৰু অন্ধ্ৰ প্ৰদেশ (৯৬,৭৬৯)।

আজিৰ তাৰিখত দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৮,৯৭,৩৯৪ (।)

মুঠ সক্ৰিয় ৰোগীৰ ৬১ শতাংশ পাঁচ ৰাজ্য মহাৰাষ্ট্ৰ, কৰ্নাটক, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু তামিল নাডুক লৈ হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ৮৯,৭০৬গৰাকী ক’ভিড ৰোগী চিনাক্ত হৈছে। ইয়াৰ ভিতৰত কেৱল মহাৰাষ্ট্ৰৰ ২০ হাজাৰ আৰু অন্ধ্ৰ প্ৰদেশৰ ১০ হাজাৰ ৰোগী আছে।

যোৱা ২৪ ঘণ্টাত দেশত ১,১১৫গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰত ৩৮০, কৰ্নাটকত ১৪৬ আৰু তামিল নাডুত ৮৭গৰাকী ৰোগীৰ মৃত্যু হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যাও এতিয়ালৈকে সৰ্বাধিক। এদিনত ৭৪,৮৯৪গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

এতিয়ালৈকে দেশত মুঠ আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছে ৩৩,৯৮,৮৪৪গৰাকী। আৰোগ্যৰ হাৰ হৈছে ৭৭.৭৭ শতাংশ।

যোৱা ২৪ ঘণ্টাত দেশত ১১.৫ লাখ ক’ভিড নমুনা পৰীক্ষা কৰা হৈছে। ভাৰতত মুঠ টেষ্টৰ সংখ্যা ৫.১৮ কোটিলৈ বৃদ্ধি পাইছে।