NORTHEAST NOW (Assamese)
অসম

সাত খুন মাফ! সাংসদ হিচাবে শপতগ্ৰহণ কৰিলে মৃত্যুদণ্ডৰে দণ্ডিত অপৰাধীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2020 5:13 pm
podu

ৰাজনীতিক হ’লে যেন সাত খুন মাফ।

ৰাজনীতিক হোৱাৰ সুবাদতে এজন লোকে মৃত্যুদণ্ডৰে দণ্ডিত হোৱাৰ পিছতো বীৰদৰ্পে সংসদ ভৱনত প্ৰৱেশ কৰি সাংসদ হিচাবে শপতগ্ৰহণ কৰিবলৈ সক্ষম হ’ল।

উক্ত লোক জনৰ নাম প্ৰেমালাল জয়শেখৰ। ২০১৫ চনত বিৰোধী দলৰ এখন সভাত গুলীচালনা কৰি এজন লোকক হত্যা কৰাৰ অভিযোগত আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল তেওঁক।

কিন্তু ইমানৰ পিছতো তেওঁ নিৰ্বাচনত অংশ লোৱাৰ সুযোগ পাইছিল আৰু নিৰ্বাচনত জয়ীও হৈছিল।

সেই সূত্ৰেই প্ৰেমালাল জয়শেখৰে আজি কাৰাগাৰৰ পৰা পোনে পোনে আহি শ্ৰীলংকাৰ সংসদ ভৱনত উপস্থিত হয় আৰু দেশ খনৰ এজন সাংসদ হিচাবে শপতগ্ৰহণ কৰে।

শ্ৰীলংকাত কোনো অপৰাধীয়ে নিৰ্বাচন খেলিব নোৱাৰে যদিও জয়শেখৰে মনোনয়ন দাখিল কৰাৰ পিচতহে তেওঁক আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰে।

জয়শেখৰে শ্ৰীলংকাৰ সাধাৰণ নিৰ্বাচনৰ বাবে শ্ৰীলংকা পডুজেনা পাৰ্টীৰ পৰা ৫ আগষ্টৰ পূৰ্বেই মনোনয়ন দাখিল কৰিছিল।

কিন্তু তেওঁক আদালতে শাস্তি বিহে মনোনয়ন দাখিলৰ পিছতহে।

সেইবাবেই তেওঁ নিৰ্বাচনত অংশ ল’বলৈ সক্ষম হয়।

ইপিনে আজি হত্যাকাৰী জয়শেখৰে শপতগ্ৰহণ কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে শ্ৰীলংকাৰ বিৰোধী দলৰ সাংসদ সকল।

বিৰোধী দলৰ সাংসদ সকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ কৰাৰ লগতে সংসদ ভৱনৰ পৰা ওলাই যায়।