NORTHEAST NOW (Assamese)
অসম

৮০ খন নতুন ৰে’লৰ বাবে টিকটৰ সংৰক্ষণ আৰম্ভ, যাত্ৰীয়ে কিদৰে কৰিব পাৰিব টিকট সংৰক্ষণ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2020 8:25 pm
SS-India-train

ক’ৰ’ণাতংকৰ বাবে স্থৱিৰ হৈ পৰা দেশৰ ৰে’ল সেৱা পুনৰ গতিশীল কৰাৰ বাবে ব্যৱস্থা হাতত লৈছে ৰে’ল বিভাগে।

সেইমৰ্মে দেশৰ বিভিন্ন প্ৰান্তত ৰে’ল বিভাগে ২৩০ খন বিশেষ ৰে’ল চলাইছে।

একেদৰে দেশৰ বিভিন্ন ৰাজ্যত ৰে’ল বিভাগে নতুনকৈ আশীখন ৰে’ল চলোৱাৰ দিহা কৰিছে।

ৰে’ল বোৰ্ডৰ অধ্যক্ষ ভি কে যাদৱে প্ৰকাশ কৰা মতে আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছে নতুনকৈ চলাবলগীয়া ৮০ খন ৰে’লৰ বাবে টিকট সংৰক্ষণৰ কাম।

১২ ছেপ্তেম্বৰৰ পৰা নতুন ৰে’ল কেইখন চলোৱা হ’ব বুলি তেওঁ কয়। যাদৱে লগতে কয় যে নতুন ৰে’ল কেইখনৰ ষ্টপেজ বহু কম হ’ব আৰু কোন খন ৰাজ্যত ক’ত ষ্টপেজ দিব লাগে সেয়া সংশ্লিষ্ট ৰাজ্য সমূহৰ চৰকাৰৰ সৈতে আলোচনা কৰি ঠিক কৰা হ’ব।

নতুন ৮০ খন ৰে’লৰ ভিতৰত অসমৰ ডিব্ৰুগড়ৰ পৰা চলিবলগীয়া ৰে’লো আছে।

৮০ খন ৰে’লৰ টিকট সংৰক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীয়ে টিকট সংৰক্ষণৰ বাবে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

এই ৰে’লত টিকট সংৰক্ষণ কৰিবলৈ যাত্ৰীয়ে কেইটামান বিশেষ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। সেইবোৰ এনে ধৰণৰ—

যাত্ৰীয়ে প্ৰথমে IRCTC ৰ ৱেবছাইট irctc.co.in লৈ যাব লাগিব।

অথবা IRCTC ৰ এপো ডাউনলোড কৰিব পাৰে। ৱেবছাইটলৈ যোৱাৰ পিছত ‘Register’ বুটামটো ক্লিক কৰি নিজৰ এটা একাউণ্ট খুলি ল’ব লাগিব।

ইয়াৰ পিছত ৱেবছাইটত প্ৰৱেশ কৰি আসন আছে নে সেয়া জানি লওক।

যদি আপুনি বিচৰা আসন আছে তেন্তে “Book Now” বুটামটোত ক্লিক কৰিলে যাত্ৰীৰ নাম ,মোবাইল ফোনৰ নম্বৰ,কাৰ বাবে টিকট বুক কৰিব বিচাৰিছে আদি কলম সমূহ পূৰণ কৰাৰ সুবিধা পাব।

ইয়াৰ পিছত booking বুলি লিখা স্থানক ক্লিক কৰক।

আপুনি টিকটৰ মূল্য ডেবিট কাৰ্ড,ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে পৰিশোধ কৰাৰ পিচত টিকট ডাউনলোড কৰিব পাৰিব।