NORTHEAST NOW (Assamese)
অসম

প্ৰসিদ্ধ সমাজসেৱক, আৰ্য সমাজৰ নেতা স্বামী অগ্নিৱেশৰ পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 12, 2020 8:48 am
WhatsApp Image 2020-09-12 at 8.23.01 AM

প্ৰসিদ্ধ সমাজসেৱক তথা আৰ্য সমাজৰ নেতা স্বামী অগ্নিৱেশৰ পৰলোকপ্ৰাপ্তি ঘটিছে। লিভাৰ চিৰ’ছিছত আক্ৰান্ত হৈ তেওঁ চিকিৎসাধীন আছিল।

চিকিৎসাধীন হৈ থকা কালীন তেওঁৰ শৰীৰৰ বিভিন্ন অংগ বিকল হৈ পৰাত অৱস্থা সংকটজনক হৈ পৰে আৰু শুকুৰবাৰে সন্ধিয়া তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে।

তেওঁৰ মৃত্যুত দেশৰ বৌদ্ধিক মহলৰ লগতে বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে।

মঙলবাৰে তেওঁক দিল্লীৰ ইনষ্টিটিউট অফ লিভাৰ এণ্ড বিলাৰী ছায়েন্সত ভৰ্তি কৰা হৈছিল। তেতিয়াৰে পৰা তেওঁক ভেন্টিলেটৰত ৰখা হৈছিল।

হাৰিয়ানাৰ প্ৰাক্তন বিধায়ক অগ্নিৱেশে আৰ্য সমাজৰ নীতিৰ আধাৰত আৰ্য সভা বুলি এটা ৰাজনৈতিক দল গঠন কৰিছিল।

জীৱনকালত তেওঁ বিভিন্ন ধৰ্মৰ মাজত সম্প্ৰীতিৰ বন্ধন গঢ়াত মনোনিৱেশ কৰিছিল। নক্সালবাদীসকলক মুলসুঁতিলৈ ঘুৰাই অনাৰ বাবেও তেওঁ চেষ্টা চলাইছিল।

আন্না হাজাৰেৰ আন্দোলনৰ অন্যতম সদস্য অগ্নিৱেশে মহিলাসকলৰ ভ্ৰূণ হত্যা তথা আন সামাজিক ব্যাধিসমূহৰ বিৰুদ্ধে সৰৱ ভূমিকা লৈছিল।

মৃত্যুৰ সময়ত স্বামী অগ্নিৱেশৰ বয়স আছিল ৮০বছৰ।