NORTHEAST NOW (Assamese)
অসম

আই পি এলত সুযোগ পোৱা প্ৰথমগৰাকী আমেৰিকান ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ল আলী খান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 12, 2020 2:24 pm

কলকাতা নাইট ৰাইডাৰ্ছ দলৰ বেগী বলাৰ হেৰী গাৰ্ণিৰ স্থানত আমেৰিকাৰ ২৯ বছৰীয়া আলী খানক দলত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে।

আঘাতজনিত সমস্যাৰ বাবে আই পি এলত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে গাৰ্ণিয়ে। গাৰ্ণিৰ এই সিদ্ধান্তৰ পিছতে নাইট ৰাইডাৰ্ছে খানক অন্তৰ্ভুক্ত কৰে।

ইয়াৰ লগে লগে আই পি এলত সুযোগ পোৱা প্ৰথমগৰাকী আমেৰিকান ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় আলী খান।

উল্লেখ্য যে আলী খান সদ্যসমাপ্ত কেৰিবিয়ান প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দল ত্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ অংশ আছিল।

জানিব পৰা মতে, আই পি এলত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে য়ু এ ইলৈ ৰাওনা হৈছে আলী খান। আলী খানৰ সৈতে আছে কলকাতা নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষক ব্ৰেণ্ডন মেককালাম।

সোঁহতীয়া মিডিয়াম পেচ বলাৰ আলী খানে চি পি এলৰ আঠখন মেচত খেলাৰ সুযোগ পাইছিল। আঠখন মেচত তেওঁ আঠটা উইকেট দখল কৰিছিল।

উল্লেখ্য যে আমেৰিকাৰ এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰ আলী খানৰ চি পি এলৰ উপৰি কানাডাত হোৱা গ্ৰ’বেল টি-২০, বাংলাদেশ প্ৰিমিয়াৰ লীগ আৰু পাকিস্তান ছুপাৰ লীগত খেলাৰো অভিজ্ঞতা আছে।