NORTHEAST NOW (Assamese)
অসম

নামেৰি ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী গ্ৰেপ্তাৰ, অস্ত্ৰ জব্দ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 12, 2020 2:26 pm
nameri

নামেৰি ব্যাঘ্ৰ প্ৰকল্পৰ বন বিভাগৰ কৰ্মীয়ে ১১ ছেপ্তেম্বৰৰ পুৱা প্ৰায় ৬-৩০ বজাত এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত চোৰাংচিকাৰী জনৰ নাম দয়া খাখলাৰী।

নামেৰিৰ বন বিষয়া দেৱশীষ বুঢ়াগোঁহায়ে প্ৰকাশ কৰা মতে অৰণ্যখনত নিয়মীয়া পহৰাৰ সময়তে চোৰাং চিকাৰী জনক কৰায়ত্ব কৰা হয়।

তেওঁক অবৈধভাৱে অস্ত্ৰ কঢ়িয়াই লৈ ফুৰা, অৰণ্যৰ মাজত প্ৰজ্বলক কঢ়িয়াই অনা আদিৰ অভিযোগত গ্ৰেপ্তাকৰ কৰা হৈছে।নামেৰি বনাঞ্চলৰ ১৪ মাইল অঞ্লৰ পৰা আটক কৰা চোৰাং চিকাৰী জনক বৰ্তমান জেৰা চলাই থকা হৈছে।

বন বিভাগৰ দলটোৱে লোকজনৰ পৰা দুটা  হস্ত নিৰ্মিত বন্দুক,এখন নাও জব্দ কৰিছে।

উল্লেখ্য নামেৰি বনাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ ৰ অধীনত সকলো ধৰণৰ জীৱ-জন্তুৰ চিকাৰ নিষিদ্ধ কৰা হৈছে।

ধৃত চোৰাং চিকাৰী জনৰ বিৰুদ্ধে বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ ৰ ধাৰা ৯,২৭,২৯,৩০,৩১,৩২,৩৫,৩৮ আদি আৰোপ কৰা হৈছে।

চোৰাং চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত বন বিভাগৰ বিষয়া অমৃত দলে আৰু ফৰেষ্টাৰ দীপ কলিতাই সহযোগ কৰে।