NORTHEAST NOW (Assamese)
অসম

অসমত আৰু ২৩ ক’ভিড ৰোগীৰ মৃত্যু, পাঁচশৰ দিশে মুঠ মৃতকৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 12, 2020 10:36 pm
Covid death toll in Assam reaches 930

আৰু ২৩গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৪৫৩লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ এইসকল ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

শুকুৰবাৰলৈকে অসমত ৪৩০গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,০৮,৩২৯গৰাকী ব্যক্তিয়ে শুকুৰবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত শুকুৰবাৰলৈকে চিনাক্ত মুঠ ক’ভিড ৰোগীৰ সংখ্যা আছিল ১,৩৮,৩৩৯ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।