NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বৰ সৰ্বোচ্চ মূল্যৰ হীৰা হোৱাৰ দিশে অগ্ৰসৰ ১০২ কাৰাটৰ ডিম্বাকৃতিৰ এই নিখুঁট হীৰা খণ্ড! : কিমান হ’ব ইয়াৰ মূল্য?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 13, 2020 5:55 pm
http _cdn.cnn.com_cnnnext_dam_assets_200911131334-01-white-diamond-sothebys-hong-kong

১০২.৩৯ কাৰাটৰ ডিম্বাকৃতিৰ এখণ্ড নিখুঁট হীৰাই বিশ্বৰ সৰ্বাধিক মূল্যৰ হীৰা হোৱাৰ দিশে অগ্ৰসৰ হৈছে।

ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈ হংকঙত নিলাম হ’ব লগীয়া এই নিখুঁত ডিম্বাকৃতিৰ হীৰা খণ্ডৰ মূল্য কিমান ওপৰলৈ উঠিব তাকে লৈ বিশ্বৰ হীৰা ব্যৱসায়ীসকলৰ মাজত বৃদ্ধি পাইছে চৰম উৎকণ্ঠা।

এই হীৰা খণ্ডৰ নিমালৰ পূৰ্বে ইয়াৰ মূল্য নিৰ্ধাৰণ নকৰিলেও ইয়াৰ দৰ ভাৰতীয় মূল্যত প্ৰায় ৮৮১ কোটি ২১ হাজাৰ ৮০০ টকাৰ পৰা ২২০৪ কোটি ৯৫ লাখ ৫ হাজাৰ টকালৈ উঠাৰ সম্ভাৱনা আছে।

২০১৮ বৰ্ষত কানাডাৰ অণ্টাৰিঅ’ত আৱিস্কৃত ২৭১ কাৰাটৰ ৰুক্ষ হীৰাৰ পৰা কাটি অনা এই ডিম্বাকৃতিৰ হীৰাখণ্ডই ‘four Cs’ অৰ্থাৎ কাট, কালাৰ, ক্লীয়েৰিটি আৰু কাৰাট ওজনত বেংকিঙৰ শীৰ্ষ স্থান লাভ কৰিছে বুলি জনাইছে নিলাম কৰিবলগীয়া কৰ্তৃপক্ষই।

উল্লেখ্য যে, এই ডিম্বাকৃতিৰ হীৰাখণ্ডক ‘ডি কালাৰ’ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ‘ডি কালাৰ’ হৈছে হীৰাৰ সৰ্বোচ্চ গ্ৰেডিং। এই শ্ৰেণীভুক্ত হীৰাক আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে অতি নিখুঁত তথা স্বচ্ছ হিচাপে গণ্য কৰা হয়।

স্মৰ্তব্য যে ২০১৩ চনত জেনেভাৰ ক্ৰিষ্টিত নিলাম হোৱা ১৬৩.৪১ কাৰাটৰ আয়তাকৃতিৰ হীৰাখণ্ডই বৰ্তমানলৈকে সৰ্বোচ্চ মূল্যৰ হীৰা ৰূপে পৰিগণিত হৈ আছে।

উক্ত আয়তাকৃতিৰ হীৰাখণ্ডৰ ভাৰতীয় মূল্যত দৰ আছিল প্ৰায় ২৪৭৬ কোটি ১৫ লাখ ৮০৫০ টকা।

২০১৩ চনত ডিম্বাকৃতিৰ বিভিন্ন হীৰাৰ মূল্য ৩০.৮ মিলিয়ন ডলাৰ আছিল। এতিয়া ডিম্বাকৃতিৰ হীৰাখণ্ড হিচাপে এই হীৰাখণ্ডই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি নতুন সৰ্বোচ্চ মূল্যৰ অভিলেখ স্থাপন কৰিব বুলি ধাৰণা কৰা হৈছে।

বিশ্বৰ এই বিৰল ডিম্বাকৃতিৰ হীৰাখণ্ডৰ নিলাম অহা ১৫ ছেপ্টেম্বৰৰ পৰা হংকঙত আৰম্ভ হ’ব। নিলাম বন্ধ হ’ব অহা ৫ অক্টোবৰত।

এক প্ৰেছ বিবৃতিত বিশ্বৰ চোথেবাইৰ বিশ্ব জুৱেলাৰীৰ অধ্যক্ষ গেৰী শ্বুলাৰে কয় যে এই হীৰাখণ্ডৰ সৌন্দৰ্য আৰু বিৰলতাক অন্যৰ সৈতে তুলনা কৰাতো অতি কঠিন।

ইফালে চোথেবাইৰ এছিয়াৰ অধ্যক্ষ পট্টি উৱাঙে কয়, কোভিড-১৯ৰ প্ৰত্যাহ্বানৰ মাজতো নিলামৰ বাবে লোৱা সিদ্ধান্ত ‘নিলামৰ বজাৰৰ বাবে ৰূপান্তকাৰীৰ মাহ’ হিচাপে পৰিগণিত হ’ব।