NORTHEAST NOW (Assamese)
অসম

বজালীত কোভিড-১৯ত মৃত্যু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ September 14, 2020 6:55 am
15-1140x570

বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মিনাক্ষী শৰ্মাৰ শনিবাৰে নিশা বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পাতলত মৃত্যু ঘটে।

জানিব পৰা মতে, তেওঁ জ্বৰ, কাহ আৰু শৰীৰৰ বিষত ভূগি আছিল আৰু তেওঁক ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

হাস্পাতলত তেওঁৰ কোভিড-১৯ পজিটিভ ধৰা পৰে।

পলাশবাৰীৰ ওচৰৰ মাজিগাওঁ অঞ্চলৰ বাসিন্দা শিক্ষয়িত্ৰীগৰাকীয়ে ২০১৯ৰ ৩১জানুৱাৰিত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

তেওঁৰ স্বামী কৰুণা মোহন শৰ্মা বজালী কলেজৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক।

৬২বছৰ বয়সীয়া শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।