NORTHEAST NOW (Assamese)
অসম

অসম জাতীয় পৰিষদ গঠনৰ পাচতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন থাকিব : পলাশ চাংমাই

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 14, 2020 5:18 pm

”নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ অকল অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজনৈতিক দল নহয় , ই অসমৰ জনতাৰ ৰাজনৈতিক দল ৷ অসম জাতীয় পৰিষদে ইমান দিনে অমীমাংসিত অসমৰ সমস্যা সমূহ সাংসদীয় গনতন্ত্ৰৰে মিমাংসা কৰিবলৈ সক্ষম হ’ব,” আজি বোকাখাতত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰা এক বিদায় সম্ভাষণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই দৰে কয় সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে ৷

বোকাখাতৰ নাট্য মন্দিৰ প্ৰাংগনত আয়োজন কৰা এই অনুষ্ঠানত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বোকাখাতৰ যুৱক দীপক হাজৰিকাক সংগঠনটোৰ পৰা আনুষ্ঠানিকভাৱে  বিদায় সম্ভাষণ জনোৱা হয় ৷

নৱগঠিত অসম জাতীয় পৰিষদ দলত অন্তৰ্ভূক্ত হ’বৰ বাবেই যুৱ নেতা দীপক হাজৰিকাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা পদত্যাগ কৰিছে ৷

আজিৰ অনুষ্ঠানত উপস্থিত থাকি যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমায়ে অসম জাতীয় পৰিষদ নামৰ ৰাজনৈতিক দল গঠনৰ পাচতো অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন থকাৰ লগতে অসমৰ স্বাৰ্থত ভৱিষ্যতেও ৰাজপথত আন্দোলন কৰিব বুলি মন্তব্য কৰে ৷

অনুষ্ঠানত সংগঠনটোৰ সম্পাদক পলাশ চাংমাইৰ উপৰিও অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জেষ্ঠ সাংবাদিক বুবুল দত্ত, সংগঠনটোৰ উপদেষ্টা পুলক বৰা আৰু বিদায়ী উপ সভাপতি দীপক হাজৰিকা উপস্থিত থাকে ৷

আনহাতে, অনুষ্ঠানত দীপক হাজৰিকাক  অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতি, বোকাখাত মহকুমা সাংবাদিক সন্থা, ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনৰ পৰাও বিদায় সম্ভাষণ জনোৱা হয় ৷