NORTHEAST NOW (Assamese)
অসম

মণিপুৰত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃতকৰ সংখ্যা ৪৭ গৰাকীলৈ বৃদ্ধি; মুঠ আক্ৰান্ত ৮২১০ গৰাকী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2020 12:19 pm

মণিপুৰত বিগত ২৪ ঘণ্টাত ২৩৯ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৮২১০ গৰাকীলৈ বৃদ্ধি পায়।

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা লোক সকলৰ ভিতৰত ২২৪ গৰাকী সাধাৰণ নাগৰিক আৰু ১৫ গৰাকী নিৰাপত্তা বাহিনীৰ লোক।

ৰাজ্যখনৰ বিভিন্ন কোভিড টেষ্টিং কেন্দ্ৰত সম্পন্ন হোৱা পৰীক্ষাত এইসকল লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

পশ্চিম ইম্ফল, পূৱ ইম্ফল, থৌবাল, উখৰুল, কাকচিং, চৌৰাচন্দনপুৰ, বিষ্ণুপুৰ আদি জিলাত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক।

মণিপুৰত ক’ৰ’না আক্ৰান্ত লোক সকলৰ অধিকাংশৰে কোনোধৰণৰ ভ্ৰমণ ইতিহাস নায়।

আনহাতে, ক’ৰ’না আক্ৰান্ত আটাইকেইগৰাকী লোককে কোভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

তদুপৰি, বিগত ২৪ ঘণ্টাত মণিপুৰত এগৰাকী ৬৯ বছৰীয়া লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

মণিপুৰত বৰ্তমানলৈ ৪৭ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।