NORTHEAST NOW (Assamese)
অসম

খবৰ পজিটিভ, তৰুণ গগৈৰ আহিল কোভিড নিগেটিভ : স্বাস্থ্যৰ সম্পূৰ্ণ উন্নতি নোহোৱালৈকে থাকিব GMCHত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 17, 2020 6:36 am
IMG-20200916-WA0013

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কোভিড নিগেটিভ হোৱা বুলি জানিব পৰা গৈছে।

কালি সন্ধ্যা পাঁচ বজাত তেওঁৰ ফলাফল নিগেটিভ আহিছে।

তৰুণ গগৈৰ অতি ঘনিষ্ঠ এটা সূত্ৰই নৰ্থ ইষ্ট নাওক জনাইছে এই কথা।

তেওঁ নিগেটিভ আহিল যদিও কেইদিনমান চিকিৎসালয়ত ৰখাৰ সিদ্ধান্ত লৈছে পৰিয়ালৰ লোকে।

স্বাস্থ্য বৰ্তমান সুস্থ যদিও কিছু উন্নতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি GMCHতে ৰখাৰ সিদ্ধান্ত লোৱা বুলি সূত্ৰটোৱে জনায়।

যোৱা ২৫ আগষ্টত ক’ৰ’ণাত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

তেওঁৰ মাজতে স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছতে তেওঁৰ স্বাস্থ্যৰ সঘনাই বুজ লৈ আছিল স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁৰ চিকিৎসাৰ দায়িত্বৰ বাবে স্বাস্থ্য বিভাগে এখন কমিটিও গঠন কৰি দিছিল।

হৃদৰোগ বিশেষজ্ঞ ডাঃ যোগেশ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিখনত আছে ক্ৰমে এণ্ড’ক্ৰাইন’লজি বিভাগৰ সহযোগী অধ্যাপক ডাঃ উমা কাইমল শইকীয়া, কাৰ্ডিঅ’ল’জি বিভাগৰ সহযোগী অধ্যাপক ডাঃ ফাহিন ইকবাল,মেডিচিন বিভাগৰ সহকাৰী অধ্যাপক ডাঃ ভাস্কৰ ঠাকুৰীয়া, শল্য চিকিৎসা বিভাগৰ সহকাৰী অধ্যাপক ডাঃ আৰ দাস, এনান্থেছিয়া বিভাগৰ পঞ্জীয়ক ডাঃ বিশ্বজিৎ তালুকদাৰ,মেডিচিনৰ ডাঃ জয়শ্ৰী মেধি,মেডিচিনৰ আৱাসীক চিকিৎসক ডাঃ মইনুল ইছলাম আৰু ডাঃ বুবু গগৈ।