NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত বিদ্যালয় খুলিলেই কিমান শতাংশ শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে কৰাব লাগিব কোভিদ টেষ্ট?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 18, 2020 7:49 pm

ৰাজ্যত অহা ২১ ছেপ্তেম্বৰৰ পৰা অনানুষ্ঠানিকভাৱে বিদ্যালয় খুলিব। প্ৰথম অৱস্থাত নৱম-দশম, একাদশ দ্বাদশ শ্ৰেণীৰ পাঠদান অনানুষ্ঠানিকভাৱে আৰম্ভ হ’ব।

পিতৃ-মাতৃৰ লিখিত অনুমতি লৈ বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী যাব।

শিক্ষক-শিক্ষয়িত্ৰী এটা দিনত ৫০ শতাংশ উপস্থিত থাকিব।

প্ৰথমাৱস্থাত শ্ৰেণীতকৈ অনানুষ্ঠানিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

এই সময়ছোৱাতে ১০ শতাংশ শিক্ষক-ছাত্ৰ-ছাত্ৰীৰ কোভিদ টেষ্ট কৰোৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

যিখন বিদ্যালয়তে কোভিদ-১৯ বেছিকৈ হৈছে সেই বিদ্যালয়ৰ প্ৰধান শিক্ষকে জিলা উপায়ুক্তৰ সৈতে যোগাযোগ কৰিব আৰু প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে।

তেওঁ আৰু কয় ‘বিদ্যালয়. খোলাৰ পূৰ্বে কোভিদ কেয়াৰ চেন্টাৰ সমূহ আঁতৰাই দিব লাগিব।‘

‘যদি উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ নাহে তেন্তে মেডিকেল, জে.ই.ই ইত্যাদিত আসন পোৱাত তেওঁলোকে সমস্যাৰ সন্মুখীন  হ’বলগীয়া হ’ব‘ হিমন্তই লগতে কয়।