NORTHEAST NOW (Assamese)
অসম

মৰানত যুৱকক গুলীয়াই আহত কৰা বিজেপি নেতাক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2020 11:49 am
arrest-istock-1591718285

চৰাইদেও জিলাৰ মৰানহাটত এগৰাকী যুৱকক গুলীওৱাৰ অভিযোগত এগৰাকী স্থানীয় বিজেপি নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

স্থানীয় বিজেপি নেতা টিংকু গগৈক শুকুৰবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে তেওঁৰ জিম্মাৰ পৰা এটা পিষ্টল, দুটা মেগাজিন আৰু ২২জাই সজীৱ গুলী তথা চাৰিটা ব্লেংক কাৰ্টিজ জব্দ কৰে।

অভিযোগ অনুসৰি গগৈয়ে বৃহস্পতিবাৰে নিশা এটা পাৰ্টিত সুমন কৰ্মকাৰ নামৰ এগৰাকী যুৱকক গুলীয়াই আহত কৰিছিল।

অভিযুক্তগৰাকীয়ে বৃহস্পতিবাৰে নিশা বিশ্বকৰ্মা পূজা উপলক্ষে তেওঁৰ থমছন তিনিআলিৰ বাসগৃহত এটা পাৰ্টিৰ আয়োজন কৰিছিল।

‘’আমি টিংকু গগৈক ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিছো আৰু তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছো। তদন্ত অব্যাহত ৰখা হৈছে,’’-এগৰাকী আৰক্ষী বিষয়াই কয়।