NORTHEAST NOW (Assamese)
অসম

কা আৰু ই আই এ বাতিলৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা মহকুমাত বাইক ৰেলী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 21, 2020 8:16 pm

আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা, ডিগবৈ, জাগুন আৰু পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিৰ সহযোগত এক বাইক ৰেলি বাহিৰ কৰি কা আৰু ই আই এ বাতিলৰ দাবী জনায়।

মাৰ্ঘেৰিটা পাৱৈ আৰু মাৰ্ঘেৰিটা লিডু পৰ্যন্ত প্ৰায় ২৫ কিলোমিটাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বাইকেৰে পৰিভ্ৰমণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ পৰা উলিওৱা আজিৰ এই বাইক ৰেলিৰ যোগেদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক অসমীয়া স্বাভিমানক আঘাত কৰা, অসমীয়া মানুহক আঘাত কৰা এই ক’লা আইনখন বাতিল কৰিবলৈ দাবী জনায়।

ইপিনে ই আই এ অৰ্থাৎ পৰিবেশ প্ৰভাৱ নিৰূপণ পৰিষদ গঠনেৰে বিধেয়ক গৃহীত কৰি অসমৰ ভৌগোলিক অখণ্ডতাক বিনষ্ট কৰি অসমৰ জনসাধাৰণক ধ্বংসৰ গৰাহলৈ ঠেলি দিবলৈ বিচৰা এই বিধেয়কখন বাতিলৰ দাবী জনায়।

অন্যথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আন্দোলন অব্যাহত থাকিব বুলিও আজিৰ প্ৰতিবাদীৰ স্থলীৰ পৰাই স্পষ্ট কৰি দিয়ে।