দুলীয়াজানত ৮ টা সংগঠনৰ ঐক্যমঞ্চৰ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

বুধবাৰে দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডে থলুৱা কোম্পানীক বাদ দি বাহিৰৰ ট্ৰেভেল এজেন্সীৰ সৈতে অইলৰ ঠিকা কামৰ বাবে আহ্বান কৰা নিবিদা বাতিলৰ দাবীত দুলীয়াজানত ৮ টা সংগঠনে ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰাপ্ত তথ্য মতে বুধবাৰে পুৱাৰ পৰাই ৮ টা সংগঠনে স্থানীয় প্ৰায় শতাধিক লোকৰ সহযোগত ডিব্ৰুগড় জিলাৰ দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য দ্বাৰ বন্ধ কৰি অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
অইল ইণ্ডিয়া লিমিটেডে আহ্বান কৰা বহিৰাগত ট্ৰেভেল এজেন্সিৰ নিবিদাই স্থানীয় যুৱক সকলৰ বাবে নিৱনুৱা সমস্যাৰ সৃষ্টি কৰাৰ আশংকা কৰি প্ৰতিবাদকাৰী সকলে উক্ত নিবিদা বাতিলৰ দাবী জনাইছে।
ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি জিতু চেতিয়াই অইল ইণ্ডিয়া লিমিটিডে উক্ত নিবিদা বন্ধ নকৰিলে পূৰ্বৰে অইল ইণ্ডিয়া লিমিটেডত কাম কৰি অহা যুৱক সকলৰ ভাত মৰিব আৰু স্থানীয় যুৱক সকলে নিৱনুৱা সমস্যাত ভূগিব। ফলত প্ৰতিবাদ কাৰী সকলে অইল ইণ্ডিয়া লিমিটেডক উক্ত নিবিদা বন্ধ কৰিবলৈ আহ্বান জনাইছে।