NORTHEAST NOW (Assamese)
অসম

আমেৰিকাত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২ লাখ অতিক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2020 5:17 pm
USA Corona death toll

আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না মহামাৰীৰ মহা সন্ত্ৰাস অব্যাহত আছে।

জনছ হোপকিংছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই ২ লাখ অতিক্ৰম কৰিছে।

বুধবাৰৰ দিনটোলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত মুঠ ২,০০,০০৫ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়ালৈ মুঠ ৬৮,৬১,২১১ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

আমেৰিকাত প্ৰতিদিনে ৮০০ ৰো অধিক লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈ আহিছে।

ক’ৰ’না ভাইৰাছৰ ফলত বিশ্বৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ভাৰত আছে দ্বিতীয় স্থানত।

ভাৰততো ক’ৰ’না আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ৫৬ লাখ অতিক্ৰম কৰিছে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৯০,০০০ অতিক্ৰম কৰিছে।