NORTHEAST NOW (Assamese)
অসম

‘কৃষি আইন ২০২০’ গৃহীত হোৱাৰ পাছতে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ অভিনৱ প্ৰতিবাদ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 23, 2020 8:59 pm
nituuuuu

যোৱা ২১ ছেপ্তেম্বৰত সংসদত ‘কৃষি আইন ২০২০’ গৃহীত হোৱাৰ পাছতেই তিনিখন আৰু কৃষি আইন গৃহীত হোৱাৰ পূৰ্বে অৰ্থাৎ উত্থাপন হোৱাৰ দিনা ২০ ছেপ্তেম্বৰত এখন কাৰ্টুনৰে অভিনৱ প্ৰতিবাদ সাৱস্ত্য কৰে জনপ্ৰিয়  কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে।

উল্লেখযোগ্য যে, এই কৃষি আইন গৃহীত হোৱাৰ পাছত কৃষিখণ্ডত কপালৰ ঘাম মাটিত পেলাই শ্ৰম কৰা কৃষকৰ সলনি কৰ্পৰেট গোষ্ঠীয়ে এতিয়া যিকোনো সিদ্ধান্ত ল’ব পাৰিব। এই আইন গৃহীত হোৱাৰ পাছতেই যিসকল মূল ব্যক্তি, যিয়ে  খেতি পথাৰত  উৎপাদন কৰে তেওঁলোকৰ হাতত মূল্য নিৰ্দ্ধাৰণ কৰা ক্ষমতা নাথাকিব। ইয়াকে লৈ সমগ্ৰ দেশতে ইতিমধ্যে কৃষকৰ মাজত প্ৰতিবাদৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে।

অৱশ্যে ৰাজপথত প্ৰতিবাদ নকৰি কাৰ্টুনৰ মাধ্যমৰে প্ৰতিবাদ কৰিছে ৰাজবংশীয়ে।

যোৱা ২১ ছেপ্তেম্বৰত অংকন কৰা প্ৰথমখন কাৰ্টুনৰ ভাৱাৰ্থ বৰ্ণনা কৰি ৰাজবংশীয়ে আমাৰ সাংবাদিকৰ আগত কয় ‘এই কাৰ্টুনত দুখন ছবি দেখুওৱা হৈছে। প্ৰথমখনত এনে লাগিছিল যে মোদীয়ে নাঙলৰে হাতত হালোৱা এছাৰি লৈ হাল বাই আছে। সেই ছবিত মোদীয়ে সুঁহুৰি বজাই কৈ আছে যে ‘কিষাণ কা বেটা হু, আই লভ কিষাণ’। তলৰ ছবিখনত দেখুওৱা হৈছিল যে তেওঁ আচলতে হাল বাই থকা নাছিল। প্ৰকৃততে থেলা গাড়ীৰ নিচিনা এখন আছে আৰু জেচিবিৰ হাতোৰাৰ নিচিনা খনৰে কৃষকৰ উৎপাদনখিনি থেলাগাড়ীখনত ভৰাইছে অৰ্থ্যাৎ লুণ্ঠন কৰি আছে।‘

‘তেওঁৰ হাতত থকা হালোৱা এচাৰিডালৰ ঠাইত দ্বিতীয় ছবিখনত এখন তৰোৱালৰ প্ৰতিফলন হৈছে আৰু খেতিয়কৰ ফালে সেই তৰোৱালখন টোঁৱাই থকা হৈছে। থেলাগাড়ীখনত ক’ৰ্পৰেট  বুলি লিখা আছে।‘ ৰাজবংশীয়ে এইদৰে কয়।

Nituparna 1

এই কাৰ্টুনৰ জৰিয়তে মোদীয়ে ভাষণত কয় এটা আৰু শাসনত কৰে এটা তথা নিজৰ মাজতে থকা স্ব-বিৰোধী স্থিতিক  প্ৰকাশ কৰাৰ চেষ্টা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।তেওঁ  লগতে কয় যে কৃষি বিলৰ জৰিয়তে কৃষকৰ অধিকাৰ কাঢ়ি নি  তেওঁলোকক কৰ্পৰেটৰ দ্বাৰা লুন্ঠন চলাবলৈ দিয়াৰ কথা বুজোৱা হৈছে।

দ্বিতীয়খন কাৰ্টুনৰ জৰিয়তে কৰ্পৰেট খণ্ডক দৈত্যকাৰ ৰূপত দেখুওৱা হৈছে বুলি তেওঁ সদৰী কৰে।

এই কাৰ্টুনৰ বিস্তৃত বৰ্ণনা দি তেওঁ কয় ‘দৈত্যটোৱে দুয়োখন হাত বান্ধি ৰাখিছে আৰু মোদীয়ে কৃষক লিখা ডাব নাৰিকলটো কাটি দৈত্যকাৰ কৰ্পৰেটটোক শুহিবলৈ দিছে। ক’ৰ্পৰেটে কৃষকক (ডাব নাৰিকল) শোষণ কৰিব যে সেই কথা বুজোৱা হৈছে। মোদীৰ মূৰত ময়ূৰৰ পাখি লগোৱা হৈছে।

nituuuuu

তৃতীয় অৰ্থাৎ  আজিৰ কাৰ্টুনটোৰ বিষয়ে উল্লেখ কৰি নিতুপৰ্ণ ৰাজবংশীয়ে কয় ‘ব্যক্তিগত জীৱনত আমি বিশ্বাস কৰো যে সমাজৰ মূল আধাৰ খেতিয়কসকল। তেওঁলোকক প্ৰকৃত নায়ক অথবা চেলিব্ৰেটী বুলি ক’ব পাৰি। তেওঁলোক নহ’লে আমাৰ দেশ নচলে। তেওঁলোকক অন্নদাতা বুলিও কোৱা হয়। সেই অন্নদাতাই চৰকাৰৰ ওচৰত প্ৰতিবাদ কৰি কৈছে যে আমাক জীয়াই ৰাখক। মোদীয়ে হাতত গীটাৰ এখন বজাই আছে আৰু কাষত ময়ূৰ চৰাইটো ৰাখিছে। আমি কোনো ‘দাতা’ক নাৰাখো। এই ‘দাতা’ৰ জৰিয়তে অন্য এটা কথাও বুজাব বিচৰা হৈছে যে চৰকাৰৰ হাতত লকডাউনৰ সময়ত আত্মহত্যা কৰা কৃষক, শ্ৰমিকৰ কোনো তথ্য (দাতা) নাই। এই বিলখন অনাৰ পাছত হয়তো অহা দিনবোৰত কোনো কৃষকে আত্মহত্যা কৰিব পাৰে, সেইবিলাকৰ তথ্য বা খবৰো চাগে চৰকাৰৰ হাতত নাথাকিব। দাতা আৰু অন্নদাতা সম্পৰ্কীয় কথাটো  এনেদৰে বুজোৱা হৈছে।‘

Nituparna 2

ইপিনে, যোৱা ২০ চেপ্তেম্বৰত অংকন কৰা কাৰ্টুনৰ জৰিয়তে ৰোমৰ সম্ৰাট নিৰ’ই যিদৰে দেশ ধ্বংস হোৱাৰ পাছতো বেহেলা বজাই আছিল ঠিক সেই চৰিত্ৰটোৱে  উপস্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

তেওঁ কয় ‘এই কাৰ্টুনত কৰ্পৰেট বুলি লিখা ডাঙৰ চোফা এখনত মোদীয়ে  বহি বেহেলা বজাই আছে। শেহতীয়াকৈ আমি কৈ আছো যে যিমানে দেশৰ জিডিপি কমি গৈছে কিন্তু সিমানে মোদীৰ দাড়ি বাঢ়ি গৈছে। তেওঁৰ দীঘল মোছত এজন কৃষকে চুইচাইড কৰি আছে।‘

Nituparna 1

এনেধৰণে ধেমেলীয়াকৈ হ’লেও বহু গুৰু গম্ভীৰ বিষয় নিজৰ কাৰ্টুনৰ মাধ্যমৰে প্ৰকাশ কৰি আহিছে নিতুপৰ্ণ ৰাজবংশীয়ে।

ইয়াৰোপৰি, ১৯৯৭ চনৰে পৰা কাৰ্টুন অংকনৰ সৈতে জৰিত থাকি সমাজত ঘটি থকা বিভিন্ন ঘটনা-পৰিঘটনা, ৰাজনৈতিক  পট পৰিৱৰ্তনৰ বিষয়ে নিতুপৰ্ণৰ কাৰ্টুনত স্থান পাই আহিছে।