NORTHEAST NOW (Assamese)
অসম

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰী ক’ৰ’নাত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 24, 2020 1:49 pm

ক’ৰ’নাত আক্ৰান্ত হৈছে টেলিভিশ্যন জগতৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰী। সংবাদ মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে অভিনেত্ৰী গৰাকীয়ে।

তেওঁ সংবাদ মাধ্যমক জানিবলৈ দি কয় যে মোৰ ক’ৰ’না ৰিপ’ৰ্ট পজিটিভ আহিছে, আৰু মই এতিয়া কোৱাৰেণ্টাইনত আছো।

তেওঁ লগতে এই সময় বৰ কঠিন আৰু সাৱধানতা অৱলম্বন কৰি চিকিৎসা গ্ৰহণ কৰাটোৱে শ্ৰেয় বুলি মন্তব্য কৰে।

টিভি শ্ব’ মেৰে ‘ডেড কি ডুলহন’ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থকা স্বেতা তিৱাৰীয়ে জানিবলৈ দি কয় যে কিছুদিনৰ পৰা তেওঁৰ দেহত ক’ৰ’নাৰ লক্ষণ দেখা দিছিল।

১৬ ছেপ্তেম্বৰত শাৰিৰীক অৱস্থা বেছি বেয়া হোৱাত শ্বুটিং এৰি ক’ৰ’নাৰ টেষ্ট কৰে।

জানিব পৰা মতে অভিনেত্ৰী গৰাকীয়ে অহা ১ অক্টোবৰলৈকে নিজকে কোৱাৰেণ্টাইনত ৰাখিব। বৰ্তমান অভিনেত্ৰী শ্বেতাই দিন ৰাতি গৰম পানী সেৱন কৰি থকা বুলিও উল্লেখ কৰে।

উল্লেখ্য যে জনপ্ৰিয় টিভি শ্ব’ বিগ বছৰ ছিজন ৪ৰ বিজয়ী আছিল শ্বেতা তিৱাৰী।