‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু ৰাজ্যিক বিজ্ঞান বঁটা প্ৰদান’ অনুষ্ঠানত অংশ গ্ৰহণ মুখ্য মন্ত্ৰী সৰ্বানন্দৰ

‘বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অবিহনে একবিংশ শতিকাত মানৱ সমাজ দ্ৰুততাৰে আগবাঢ়ি যোৱাটো সম্ভৱ নহয়। বিজ্ঞানক জনপ্ৰিয় কৰিব লাগিব। সাধাৰণ ৰাইজৰ ওচৰলৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক ওটৰ চপাই নিয়াৰ বাবে সকলোৱে মিলিত প্ৰচেষ্টাৰে কাম কৰিব লাগিব। বিজ্ঞান আৰু প্ৰযুক্তি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। উৎপাদন, ব্যক্তিত্ব নিৰ্মাণ, অন্ধ বিশ্বাস, কুসংস্কাৰ আঁতৰ কৰাৰ বাবে আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যথোচিত প্ৰয়োগ সম্ভৱ কৰি তুলিব লাগিব।’ আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আৰু ৰাজ্যিক বিজ্ঞান বঁটা প্ৰদান অনুষ্ঠান উপলক্ষে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত তথা অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগিতাত গুৱাহাটীৰ নেডফি গৃহত আয়োজিত সভাত মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত এইদৰে কয়।
মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত অৱসৰপ্ৰাপ্ত বিজ্ঞানী, বিজ্ঞান জনপ্ৰিয়কৰণৰ লগত জড়িত ব্যক্তি, গৱেষক যি সকলে ৰাজ্যৰ বিজ্ঞান জগতখনক সজীৱ কৰি তুলিছে সেই সকলক ৰাজহুৱাভাৱে স্বীকৃতি দিয়া হ’ব বুলি উল্লেখ কৰে।
আনহাতে আজিৰ অনুষ্ঠানতে মুখ্য মন্ত্ৰী গৰাকীয়ে ড০ সৰ্বেশ্বৰ বুজৰবৰুৱাক জীৱনজোৰা সাধনা বঁটা, ড০ অৰুণজ্যোতি বৰাক যুৱ বিজ্ঞানী বঁটা আৰু বিজ্ঞান জনপ্ৰিয় কৰণৰ বাবে অসম ৰাজ্যিক বিজ্ঞান সমিতিক ৰাজ্যিক বঁটা প্ৰদান কৰে। লগতে সৰ্বানন্দই ছাত্ৰ-ছাত্ৰীসকলক আঞ্চলিক পৰ্যায়ৰ বঁটা প্ৰদান কৰাৰ উপৰি ১৬ খন বিদ্যালয়লৈ বৃক্ষ ৰোপণ কৰাৰ বাবে চেক প্ৰদান কৰে।
অনুষ্ঠানটোত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, আই আই আই টিৰ মেণ্টৰ ডাইৰেক্টৰ গৌতম বৰুৱা, মুখ্য সচিব টি ৱাই দাস, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ভি এছ ভাস্কৰ, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক অৰূপ কুমাৰ দত্তয়ো বক্তব্য ৰাখে।
আনহাতে অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব নীতিন খাৰেৰ উপৰি গণ্য-মান্য ব্যক্তি সকল উপস্থিত আছিল।