NORTHEAST NOW (Assamese)
অসম

ড্ৰেগন খেদি পঠিয়াবলৈ বদ্ধপৰিকৰ নেপালৰ ছাত্ৰ সমাজ, বিক্ষোভত অসহায় অ’লি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 28, 2020 7:16 am
Back-of-Chaina-1

ছাত্ৰ বিক্ষোভত উত্তাল হৈ পৰিছে নেপাল।

আলহীৰ ৰূপত আহি গৃহস্থকে ঘৰৰ পৰা খেদি দিবলৈ ওলোৱা চীনৰ বিৰুদ্ধে গৰজি উঠিছে নেপালৰ ছাত্ৰ সমাজ।

সৌসিদিনালৈ খাদ্যবস্তুৰ পৰা আৰম্ভ কৰি নিমখকণৰ বাবেও ভাৰতৰ ওপৰত নিৰ্ভৰ কৰা নেপালে এতিয়া ভাৰতৰ প্ৰতি পিঠি দি চীনৰে মিতিৰালি পাতিছে।

এই বন্ধুত্বৰ সুযোগ গ্ৰহণ কৰি চীনে নেপালৰ সাত খনকৈ জিলাৰ বৃহৎ অঞ্চলত চলাইছে আগ্ৰাসন।

চীনৰ আগ্ৰাসনৰ বিৰোধিতা কৰি নেপালৰ হাজাৰ হাজাৰ ছাত্ৰই বিগত দুদিন ধৰি দেশ খনত অব্যাহত ৰাখিছে জংগী প্ৰতিবাদ। ছাত্ৰ বিক্ষোভত বন্ধ হৈ পৰিছে ব্যৱসায়-বাণিজ্য।অচল হৈ পৰিছে যাতায়াত ব্যৱস্থা।

প্ৰতিবাদী ছাত্ৰ ওপৰত জঁপিয়াই পৰিছে অ’লি বাহিনী। এতিয়ালৈকে অৰ্ধ শতাধিক ছাত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য শেহতীয়াকৈ চীনে নেপালৰ ভূমিত অবৈধভাৱে নিৰ্মাণ কৰিছে সুবৃহৎ দালান।

নেপালৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি।

এই খবৰ পোৱা মাত্ৰকে নেপালৰ প্ৰধানমন্ত্ৰী অ’লিৰ বিৰুদ্ধে সোচ্চাৰ হৈছে নেপালৰ ছাত্ৰ সমাজ।

নেপালৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, কিছুদিনৰ পৰা হুমলা জিলাৰ লাপচা-লিমিত চীনৰ প্ৰশাসনে কিছু অবৈধ দালান নিৰ্মাণ কৰিছে।

বাতৰি অনুসৰি নেপালৰ স্থানীয় জনসাধাৰণে নেপালৰ ভূমিত চীনৰ এই অবৈধ দালান নিৰ্মাণ কাৰ্যৰ বিৰোধিতা কৰিছে।

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত হুমলা জিলাৰ প্ৰশাসনিক মুৰব্বী দলবাহাদুৰ হামালে অঞ্চলটো পৰিদৰ্শন কৰিবলৈ যায়।

তেওঁ অঞ্চলটো পৰিদৰ্শন কৰাৰ সময়তে চীনে নেপালৰ ভূমিত অবৈধ নিৰ্মাণ কাৰ্য চলাই থকাটো নিশ্চিত হয়।

জানিব পৰা মতে যোৱা ৩০ আগষ্টৰ পৰা ৯ ছেপ্টেম্বৰৰ ভিতৰত চীনা প্ৰশাসনে নেপালৰ ভূমিত ৯ টা প্ৰকাণ্ড দালান নিৰ্মাণ কৰিছে।

উল্লেখ্য যে যোৱা জুন মাহতো নেপালৰ কৃষি মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত দেশখনৰ ডোলখা, গোৰ্খা, দাৰচুলা, হুমলা, সিন্ধুপালচক আৰু বায়ুচা জিলাৰ বিভিন্ন ঠাইত চীনে আন্তকৰ্জাতিক সীমা অতিক্ৰম কৰি আহি নেপালৰ ভূমিত অবৈধভাৱে দালান নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰা হৈছিল।