NORTHEAST NOW (Assamese)
অসম

অসমত ৩৬৪৪ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৩.০৩ শতাংশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 28, 2020 10:13 pm
642 persons test Covid19 positive in Assam on Saturday

৩৬৪৪গৰাকী ব্যক্তি সোমবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

যোৱা ২৪ ঘণ্টাত ১,২০,১৫৬টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৩.০৩ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৬৩, গোলাঘাটৰ ২৮৪, যোৰহাটৰ ২৩৭ আৰু শোণিতপুৰৰ ১৯৭গৰাকী ব্যক্তি।

এইসকলক ধৰি অসমত এতিয়ালৈকে ১,৭৩,৬২৯গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১২গৰাকী ক’ভিড১৯ ৰোগীয়ে সোমবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৬৬৭লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত দেওবাৰলৈকে ৬৫৫গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৩৯,৯৭৭গৰাকী ব্যক্তিয়ে দেওবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।