NORTHEAST NOW (Assamese)
অসম

৩ এপ্ৰিলত গুৱাহাটীত ২৯ সংখ্যক মিঃ শৰাইঘাট দেহশ্ৰী প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ March 8, 2018 11:47 am
Mr. Saraighat Bodybuilding competition

আৰ জি বৰুৱা সোঁৱৰণী ২৯ সংখ্যক মিঃ শৰাইঘাট সৰ্বভাৰতীয় ক্লাছিক দেহশ্ৰী প্ৰতিযোগিতা অহা ৩ এপ্ৰিলত গুৱাহাটীৰ আই টি এ মাছখোৱা প্ৰকল্পত অনুষ্ঠিত হ’ব।

অসম বডী বিল্ডাৰ্চ এণ্ড ফিটনেছ এছ’চিয়েচনৰ তত্বাৱধানত আৰু শৰাইঘাট জিমৰ উদ্যেগত উক্ত প্ৰতিযোগিতী অনুষ্ঠিত কৰি অহা হৈছে।

প্ৰাপ্ত তথ্য মতে এটা শাখাত অনুষ্ঠিত হ’ব লগীয়া উক্ত আগশাঢ়িৰ প্ৰতিযোগিতাখনত ৰাষ্ট্ৰীয় আৰু আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো শৰীৰচৰ্চাবিদে অংশ ল’ব।

প্ৰতিযোগিতাখনৰ চেম্পিয়ন, ৰাণাৰ্ছ আপ আৰু তৃতীয় স্থানপ্ৰাপ্ত সকলক ক্ৰমে ১.২৫ লাখ, ১ লাখ আৰু ৮০ হাজাৰ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে।

ইয়াৰ উপৰি প্ৰথম দহ গৰাকী প্ৰতিয়োগিকো আৰ্থিকভাৱে পুৰস্কৃত কৰা হ’ব জানিব পৰা গৈছে।

আনহাতে প্ৰতিযোগিতাখনত অসমৰ শৰীৰচৰ্চাবিদ সকলৰ বাবেও দ্বিতীয় মিঃ শৰাইঘাট অসম শীৰ্ষক আন এক প্ৰতিযোগিতা ৰখা হ’ব। ইয়াত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত সকলক ক্ৰমে ২৫ হাজাৰ, ২০ হাজাৰ আৰু ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।

প্ৰতিযোগিতাখনৰ বাবে অসমৰ দলটো গঠন কৰিবলৈ শ্ৰীঘে এক বাছনি শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলি  বডী বিল্ডাৰ্চ এণ্ড ফিটনেছ এছ’চিয়েচনৰ সম্পাদক ভৱজ্যেতি গোস্বামীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।