NORTHEAST NOW (Assamese)
অসম

অৰুণাচল প্ৰদেশ ভাৰতৰেই অংশ; চীনক সকীয়াই ভাৰতক সমৰ্থন আমেৰিকাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 2, 2020 9:30 am
PCO-1140x570

অৰুণাচল প্ৰদেশ সম্পূৰ্ণ ভাৰতৰ অংশ বুলি ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰই। বৃহস্পতিবাৰে ৱাশ্বিংটনে সেই কথা স্পষ্ট কৰি দিলে।

ভাৰতৰ কাষত থিয় হৈ আমেৰিকাই স্পষ্টি কৰি দিয়ে যে অৰণাচল প্ৰদেশক নিজৰ সীমান্তৰ অন্তৰ্বুক্ত বুলি কোনো দেশে দাবী কৰাটো সমীচিন নহয়।

চীনৰ নাম নোলোৱাকৈয়ে আমেৰিকাই সকীয়াই দি কয় যে ভাৰতেই অৰুণাচল প্ৰদেশৰ একমাত্ৰ দাবীদাৰ। আন কোনো দেশে অৰুণাচল প্ৰদেশৰ দাবী কৰিলেও সেয়া অবৈধ বুলি জ্ঞান কৰে আমেৰিকাই।

বৰ্তমান ভাৰত আৰু চীনৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আমেৰিকাৰ এই বিবৃতি স্বাভাৱিকতে ভাৰতৰ বাবে আশাব্যঞ্জক খৱৰ।

আনহাতে, আন্তৰ্জাতিক মঞ্চত অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ স্থিতি অধিক শক্তিশালী হৈ পৰিল।

প্ৰায় ছয় দশক ধৰি অৰুণাচল প্ৰদেশক লৈ ভাৰত আৰু চীনৰ মাজত বিবাদ চলি আছে। বাৰে বাৰে চীনে এই সীমান্তত উত্তেজনা বৃদ্ধিৰ প্ৰচেষ্টা চলাই আহিছে।

বিগত সময়ত অৰুণাচল প্ৰদেশত চীনে আগ্ৰাসনৰ বাবে চলোৱা উচটনিমূলক কাৰ্য সম্পৰ্কেও আন্তৰ্জাতিক মহল অৱগত।

বৃহস্পতিবাৰে আমেৰিকাৰ গৃহ বিভাগৰ শীৰ্ষ বিষয়াই স্পষ্ট কৰি দিয়ে যে অৰুণাচল প্ৰদেশৰ প্ৰসংগত আমেৰিকা ভাৰতৰ সৈতে আছে। আন কোনো দেশে তাত অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰিলেও ভাৰতৰ প্ৰতিটো পদক্ষেপত আমেৰিকাৰ সমৰ্থন আছে।

বিষয়াগৰাকীয়ে লগতে জনায় যে চীনে তেওঁলোকৰ দখলদাৰী মনোভাৱ পৰিত্যাগ কৰি আলোচনাৰ মাজলৈ অহা উচিত। আমেৰিকাই সামৰিক দিশেৰে নহয়, কূটনৈতিক দিশেৰেহে সীমান্তৰ এই সমস্যাটো সমাধান হোৱাটো বিচাৰে।

উল্লেখ্য যে চীনে লাডাখত ব্যৰ্থ হোৱাৰ পাছত অৰুণাচল সীমান্তত ঘাটি স্থাপন কৰি ভাৰতক অস্থিৰ কৰি তোলাৰ প্ৰচেষ্টাত ব্ৰতী হৈছে।