NORTHEAST NOW (Assamese)
অসম

অসমত আৰু দহ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৭২১লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 2, 2020 10:41 pm
Covid death toll in Assam reaches 930

আৰু দহগৰাকী ক’ভিড১৯ ৰোগীয়ে শুকুৰবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭২১লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত বৃহস্পতিবাৰলৈকে ৭১১গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৪৭,৫১৯গৰাকী ব্যক্তিয়ে বৃহস্পতিবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত বৃহস্পতিবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৩৪,১৬৩ (।)

মুঠ ১,৮২,৩৯৬গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।